নতুন দিল্লীত প্ৰতিদিন গোষ্ঠীৰ কনক্লেভৰ প্ৰথম সত্ৰত 'জাতীয়তাবাদ বনাম ৰাষ্ট্ৰীয়তাবাদ'ক লৈ আলোচনা...

prtidin conclave
prtidin conclave

ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিন, প্ৰতিদিন টাইমে নতুন দিল্লীৰ মানেকশ্ব কেন্দ্ৰত আয়োজন কৰা দ্যা কনৰক্লেভ-২০২২ ৰ প্ৰথম আলোচনা সত্ৰত 'জাতীয়তাবাদ বনাম ৰাষ্ট্ৰীয়তাবাদ' বিষয়ৰ ওপৰত আলচোনা হয়। এই আলোচনাত অংশ লয় সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা তথা নেছুৰ নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, অসম প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই।

প্ৰথমে এই আলোচনাত বক্তব্য প্ৰদান কৰে এ পি চি চিৰ সভাপতি ভূপেন বৰাই। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই আঁত ধৰা আলোচনাত বৰাই কয় যে, ৰাষ্ট্ৰীয়তাবাদৰ প্ৰাসংগিকতা সদায় আছে আৰু থাকিব। স্বাধীনতা আন্দোলনৰ প্ৰসংগ উত্থাপন কৰি বৰাই কয়, জাতীয়তাবাদ বনাম ৰাষ্ট্ৰীয়তাবাদ বিতৰ্কৰ সূত্ৰপাত হৈছিল স্বাধীনতা আন্দোলনৰ সময়ছোৱাতে।

ইফালে এই আলোচনাত অংশ লৈ সমুজ্জ্বল ভট্টাচাৰ্যই বাৰে বাৰে অসমক কেন্দ্ৰ বা ৰাষ্ট্ৰই প্ৰবঞ্চনা কৰাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সময়তে আছুৰ সৈতে হোৱা আলোচনাত বানপানীক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে চৰকাৰে। তৰুণ গগৈৰ চৰকাৰে জনসংযোগৰ জৰিয়তে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰা হৈছে বুলি সেই সময়ত প্ৰকাশ কৰা বিজ্ঞাপনো তেওঁ প্ৰদৰ্শন কৰে।

যোৱা কেইবছৰত বানপানীৰ বাবে কেন্দ্ৰই অসমক কিমান টকাৰ পেকেজ দিলে বুলিও প্ৰশ্ন তোলে এই আলোচনাত। কেন্দ্ৰই অসমক কৰা প্ৰতাৰণা সন্দৰ্ভত বিষদ ভাৱে আলোচনা কৰে ভট্টাচাৰ্যই।

আনহাতে বিজেপিৰ ৰাষ্টীয় সম্পাদক দিলীপ শইকীয়াই জাতীয়তাবাদ বনাম ৰাষ্ট্ৰীয়তাবাদ বিতৰ্কৰ আঁতধৰি কয় যে, সংযুক্ত ভাৰতৰ ৩৬ খন ৰাজ্যই সম অধিকাৰ আৰু সম মৰ্যাদা লাভ কৰিলে জাতীয়তাবাদ বনাম ৰাষ্ট্ৰীয়তাবাদৰ আলোচনাই নহ'ল হয়। তেওঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথাও উল্লেখ কৰিছে।

আলোচনাৰ মাজত অসমক কেন্দ্ৰ তথা ৰাষ্ট্ৰই বঞ্চনা কৰি অহাৰ কথা উল্লেখ কৰি স্বাধীনতা সংগ্ৰামৰ সময়তস্বাধীনতাৰ হকে যুঁজা স্বাধীনতা সংগ্ৰামীসকলে ৰাষ্ট্ৰীয় স্বীকৃতি নাপালে বুলিও উল্লেখ কৰে। তেওঁ অসমীয়া ভাষা আৰু জাতিৰ সুৰক্ষাৰ বাবে যি দিঘলীয়া সংগ্ৰাম কৰিলে সেই সংগ্ৰামে কেতিয়াও স্বীকৃতি নাপালে বুলিও ক্ষোভ ব্যক্ত কৰে।

ভট্টাচাৰ্যই কয়, উচ্চ শিক্ষাৰ মাধ্যম অসমীয়া হোৱাৰ পিছত হে বহু হাজাৰ অসমীয়াই স্নাতক ডিগ্ৰী লাভ কৰিছিল। এই প্ৰসংগতে তেওঁ কয়, ভাষাৰ সৃষ্টিৰ সৈতে আছে জাতীয়তাবাদৰ সম্পূৰ্ক। ভাষাৰ সৃষ্টিতে জাতীয়তাবাদ সূচনা হোৱাৰ কথাও তেওঁ উল্লেখ কৰে।

গ্ৰোপিংৰ সময়ত অসমক পাকিস্তানৰ সৈতে চামিল হোৱাৰ পৰা ৰক্ষা কৰাৰ আঁৰত আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ। এইগৰাকী লোকপ্ৰিয় বৰদলৈক কংগ্ৰেছে কিয় ভাৰত ৰত্ন সন্মান প্ৰদান কৰা নাছিল বুলি প্ৰশ্ন উত্থাপন কৰি কয় তেওঁক বিজেপিয়েহে ভাৰত ৰত্ন দিছিল।

ইফালে ভূপেন বৰাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সম্পৰ্কে কবলৈ গৈ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ভুল তথ্য উপস্থাপন কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে অসমত শেহতীয়াকৈ ২০০ ৰো অধিক যুৱকে আলফাত যোগদান কৰিছে।

উল্লেখ্য যে এই আলোচনাত দিল্লীত অধ্যয়নৰত উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে আৰু সমল ব্যক্তিক তেওঁলোকেও বিভিন্ন প্ৰশ্ন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in