ডিজিটেল সংবাদ, বৰবৰুৱাঃ উখল মাখল পৰিবেশ ডিব্ৰুগড়ৰ বৰবৰুৱাত। চ্যুকাফা ভৱন তিনিআলিৰ সমীপত ন হাজাৰ কোৱৰ গাৱৰ চৰণীয়া খেলপথাৰত বহিছে এখন মেলা । প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে অসম সেউজ মাঘী মহোৎসৱ ২০২৫ ।
আজি এই মেলাৰ ফিটা কাটি দ্বাৰ মুকলি ডিব্ৰুগড় সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকনে। মেলাখন ভৰি পৰিছে বিধে বিধে জুতি লগা খাদ্য আৰু পৰম্পৰাগত বস্ত্ৰ সম্ভাৰ। বিক্ৰী কৰিছে ঘৰুৱা সামগ্ৰীৰ লগতে পিঠা পনা গামোচা।
মাঘ বিহুৰ প্ৰাকক্ষণত অসমীয়াৰ প্ৰাচীন ঐতিহ্য পৰম্পৰাৰ সৈতে চিনাকি কৰাই দিয়া আৰু নিজৰ দক্ষতা বিকাশ যোগেদি কেনেকৈ স্বনিৰ্ভৰশীল হব পাৰি তাক গুৰুত্ব প্ৰদান কৰি এই মাঘী তথা বাণিজ্য মেলা অনুষ্ঠিত কৰা হৈছে। মাঘ বিহু উপলক্ষে বিভিন্ন অনুষ্ঠানৰ উপৰিও প্ৰতিদিনে মেলা খনত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব বুলি জানিবলৈ দিয়ে উদ্যোক্তাই।
মেলাখনত স্ব উৎপাদিত হাতে বোৱা গামোচা ৰিহা চাদৰ মেখেলা এৰী চেলেং আদি পৰম্পৰাগত বস্ত্ৰ ভিন্ন স্বাদৰ পিঠা পনা তিলৰ লাড়ু চুঙা পিঠা কোমল চাউল জলপান আদি সুস্বাদু আহাৰৰ বিপনীও উপলব্ধ । মেলাত অন্য বজাৰতকৈ তুলনামূলকভাৱে কম মুল্যত যোগান ধৰাত বহু সংখ্যক গ্ৰাহকে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰা দেখা যায়।