/asomiyapratidin/media/media_files/2025/07/17/426-2025-07-17-20-35-21.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলা কংগ্ৰেছত অসন্তুষ্টি । প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতাই । লবীকেন্দ্ৰিক ৰাজনীতি আৰু জ্যেষ্ঠ কংগ্ৰেছীক একাশৰীয়া কৰাৰ গুৰুতৰ অভিযোগ আনিছে নগাঁৱৰ কংগ্ৰেছ নেতা প্ৰশান্ত কুমাৰ শইকীয়াই ।
বৃহস্পতিবাৰে নগাঁৱৰ কংগ্ৰেছ নেতা প্ৰশান্ত কুমাৰ শইকীয়াই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰব গগৈলৈ পদত্যাগ পত্ৰ প্ৰদান কৰি ক্ষোভ ব্যক্ত কৰে । নগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি শইকীয়াই কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰাৰ কথা ঘোষণা কৰে ।
কংগ্ৰেছৰ পৰা অসন্তুষ্ট হৈ পূৰ্বতে জিলা সভাপতি সুৰেশ বৰাই পদত্যাগ কৰি বিজেপিত যোগ দিয়াৰ পিছত বৰাৰ পিছৰজন সভাপতি প্ৰশান্ত শইকীয়াই পদত্যাগ কৰা ঘটনা বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে পৰিগণিত হৈছে । তিনি দশকৰো অধিক সময় কংগ্ৰেছ কৰা প্ৰশান্ত কুমাৰ শইকীয়া দাবী কৰিছে তেওঁৰ সভাপতি হিচাপে কংগ্ৰেছৰ নেতৃত্ব লৈ থকাৰ সময়ত নগাঁৱত পঞ্চায়ত নিৰ্বাচনত সৰ্বাধিক আসন লাভ কৰাটো দলৰ সামূহিক তৃণমূল পৰ্যায়ৰ প্ৰচেষ্টা আৰু সাংগাঠনিক অনুশাসনৰ প্ৰমাণ ।
ইয়াৰ বাবে প্ৰশংসা বা স্বীকৃতি প্ৰদানৰ পৰিৱৰ্তে কোনো আগতীয়া জাননী বা পূৰ্বভাষ নিদিয়াকৈ জিলা সভাপতি পদৰ পৰা আঁতৰাই পেলোৱা হ’ল । যি তেওঁৰ আত্মসন্মানত আঘাত হানিছে । লগতে জ্যেষ্ঠ নেতা প্ৰশান্ত কুমাৰ শইকীয়াই কংগ্ৰেছৰ নেতৃত্বৰ দ্বাৰা অপমানিত হোৱাই নহয় বিশ্বাসঘাতকতা কৰা বুলি পদত্যাগ পত্ৰত উল্লেখ কৰে ।
কংগ্ৰেছৰ এক সূত্ৰমতে অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰশান্ত কুমাৰ শইকীয়াক জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ হেঁচাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অপসাৰণ কৰি ৰহাৰ ৰুণু মনি বৰাক সভানেত্ৰী হিচাপে নিযুক্তি প্ৰদান কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us