কংগ্ৰেছত যোগদান প্ৰশান্ত কিশোৰৰ, বিশেষ সিদ্ধান্ত…

কংগ্ৰেছত যোগদান প্ৰশান্ত কিশোৰৰ, বিশেষ সিদ্ধান্ত…

author-image
asomiyapratidin
New Update
পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ পৰামৰ্শদাতাৰ পদ ত্যাগ কৰিলে প্ৰশান্ত কিশোৰে…

ডিজিটেল ডেস্ক: সোমবাৰে কংগ্ৰেছৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। কংগ্ৰেছৰ এই বৈঠকখন এইবাবে গুৰুত্বপূৰ্ণ কিয়নো এই বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰে ২০২৪ ৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰিবনে নাই।

আজি এই সন্দৰ্ভত নিৰ্ণয় হোৱাৰ সম্ভাৱণা আছে।এই বৈঠকৰ বাবে ইতিমধ্যে দলৰ মুখ্য কাৰ্যালয়ত ছোনীয়া গান্ধীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত হৈছে।

দলটোৰ সূত্ৰই ইংগিত দিছে যে প্ৰশান্ত কিশোৰৰ প্ৰস্তাৱৰ মূল্যাঙ্কন কৰিবলৈ ছোনিয়া গান্ধীয়ে গঠন কৰা বিশেষ দলটোৱে বিচাৰে যে তেওঁ আন সকলো ৰাজনৈতিক দলৰ পৰা আঁতৰি আহি সম্পূৰ্ণৰূপে কংগ্ৰেছৰ বাবে নিয়োজিত কৰক।

সূত্ৰই লগতে কয় যে প্ৰশান্ত কিশোৰে পৰামৰ্শ দিছিল যে কংগ্ৰেছে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ আৰু কেচিআৰৰ তেলেংগানা ৰাষ্ট্ৰ সমিতিকে ধৰি আঞ্চলিক শক্তিৰ সৈতে মিত্ৰতা গঠন কৰক।

আৰু পঢ়ক: কৃত্ৰিম বানত ডুবিছে ঢকুৱাখনাবাসী

PRASANT kishor assam congress