Advertisment

ঘগ্ৰাপাৰৰ বিশিষ্ট সমাজসেৱক প্ৰসন্ন বৰুৱা আৰু নাই

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ অঞ্চলৰ বিশিষ্ট সমাজসেৱক প্ৰসন্ন বৰুৱা আৰু নাই। দেওবাৰে পুৱা নিজ বাসভৱনত বিয়োগ ঘটে বৰুৱাৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮১ বছৰ। 

author-image
Asomiya Pratidin
New Update
ঘগ্ৰাপাৰৰ বিশিষ্ট সমাজসেৱক প্ৰসন্ন বৰুৱা আৰু নাই

ঘগ্ৰাপাৰৰ বিশিষ্ট সমাজসেৱক প্ৰসন্ন বৰুৱা আৰু নাই

ডিজিটেল সংবাদ, গুৱাহাটী : নলবাৰী জিলাৰ ঘগ্ৰাপাৰ অঞ্চলৰ বিশিষ্ট সমাজসেৱক প্ৰসন্ন বৰুৱা আৰু নাই। দেওবাৰে পুৱা নিজ বাসভৱনত বিয়োগ ঘটে বৰুৱাৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮১ বছৰ। 

Advertisment

উল্লেখযোগ্য যে তেওঁ চিৰকুমাৰ আছিল যদিও নিজৰ আত্মীয়-পৰিজন এৰি থৈ গৈছে এই সংসাৰত। তেখেতৰ শেষ ইচ্ছা অনুসৰি আজি মৰণোত্তৰ দেহ নলবাৰী চিকিৎসা মহাবিদ্যালয়ত দান কৰা হয়।

দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নলবাৰী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ হৈ প্ৰসন্ন বৰুৱাৰ মৰণোত্তৰ দেহ মৰ্যাদা সহকাৰে গ্ৰহণ কৰি নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ এনাটমী বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ৰূপ শেখৰ ডেকাই মানৱতাবাদী ব্যক্তিগৰাকীৰ মহান দানৰ শলাগ লয়। অনুষ্ঠানত থাকে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষসহ কেইবাজনো অধ্যাপক, ইলোৰা বিজ্ঞান মঞ্চৰ নলবাৰী শাখাৰ সম্পাদক কালী নাথ গোস্বামী আৰু সনাতন বৈশ্য।

ইয়াৰ উপৰি ঘগ্ৰাপাৰ শাখাৰ কাৰ্যকৰী সভাপতি প্ৰভাত শৰ্মা , সম্পাদক প্ৰসন্ন কলিতা, চিপিআইএম দলৰ নলবাৰী জিলা সমিতিৰ সম্পাদক ৰবীন মিশ্ৰ, উমেশ দত্ত, কৰুণা ভূঞা, মহেশ্বৰ দত্ত, অনিল মহন্তকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি, চিকিৎসা মহাবিদ্যালয়ৰ কেইবাজনো অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলে প্ৰয়াত বৰুৱাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। একেদৰে বিভিন্ন অনুষ্ঠানে শ্ৰদ্ধা জনায়।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে প্ৰয়াত প্ৰসন্ন বৰুৱা আছিল ঘগ্ৰাপাৰ অঞ্চলৰ সৰ্বজনশ্ৰদ্ধেয় ব্যক্তি। তেওঁ নিজৰ মাটি দান কৰি সেই অঞ্চলত প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছিল। সমগ্ৰ জীৱনকাল তেওঁ খাটিখোৱা মানুহৰ সংগ্ৰামৰ বাবে উৎসৰ্গা কৰিছিল। 

তেওঁ চিপিআইএম দলৰ ঘগ্ৰাপাৰ আঞ্চলিক কমিটিৰ সম্পাদক আছিল আৰু নলবাৰী জিলা সমিতিৰ সদস্য আছিল। সেই সূত্ৰে তেওঁ বিভিন্ন সামাজিক সংস্থাৰ লগত যুক্ত আছিল তেওঁ। ইয়াৰ উপৰি জ্যেষ্ঠ নাগৰিক সন্থাৰ অন্যতম সংগঠক আছিল সমাজকৰ্মীগৰাকী। ইলোৰা বিজ্ঞান মঞ্চই প্ৰসন্ন বৰুৱা বিয়োগত শোক প্ৰকাশ কৰাৰ লগতে বিজ্ঞানমনস্ক মহান ব্যক্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে।

ghograpar cpim