Advertisment

ৰাষ্ট্ৰীয় আৰ্ট প্রতিযোগিতাত নগাঁৱৰ প্ৰাণৱি প্ৰজ্ঞা বৰবৰাৰ ‘কলাৰত্ন’ পদক অর্জন...

নগাঁৱৰ খ্ৰীষ্টজ্যোতি বিদ্যালয়ৰ এল কে জিৰ ছাত্ৰী প্ৰাণৱি প্ৰজ্ঞা বৰবৰা নগাঁৱৰ কচলুখোৱাৰ গীতানগৰৰ চন্দন বৰবৰা আৰু তৰালী শইকীয়াৰ জীয়ৰী ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, বঢ়মপুৰঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ১৭ সংখ্যক ষ্টুডেন্ট আৰ্ট প্রতিযোগিতা-২০২৪ ত ৰাজ্যৰ পৰা অংশগ্ৰহণ কৰি নগাঁৱৰ প্ৰাণৱি প্ৰজ্ঞা বৰবৰই ‘কলাৰত্ন’ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ললিথাকলা চেণ্টাৰ ফৰ ভিজুৱেল আর্টে আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্রতিযোগিতাখনত প্ৰাণৱি প্ৰজ্ঞা বৰবৰাই অংশগ্ৰহণ কৰি প্ৰথম স্থান লাভ কৰাৰ লগতে ‘কলাৰত্ন’ পদক অৰ্জন কৰে। 

Advertisment

প্ৰাণৱি প্ৰজ্ঞা বৰবৰা নগাঁৱৰ প্রদীপ আর্ট এণ্ড ক্রাফ্টৰ ছাত্ৰী । প্ৰাণৱি প্ৰজ্ঞা বৰবৰাৰ এই সফলতাত আনন্দিত নগাঁৱৰ প্ৰদীপ আর্ট এণ্ড ক্রাফ্টৰ অধ্যক্ষ প্রদীপ মজুমদাৰৰ লগতে সকলো প্রশিক্ষক। নগাঁৱৰ খ্ৰীষ্টজ্যোতি বিদ্যালয়ৰ এল কে জিৰ ছাত্ৰী প্ৰাণৱি প্ৰজ্ঞা বৰবৰা নগাঁৱৰ কচলুখোৱাৰ গীতানগৰৰ চন্দন বৰবৰা আৰু তৰালী শইকীয়াৰ জীয়ৰী ।