"ইউপিপিএল-বিপিএফ দলৰ একত্ৰিকৰণ হোৱাটো বিচৰা নাই হাগ্ৰামা মহিলাৰীয়ে"

ইউপিপিএল আৰু বিপিএফৰ একত্ৰিকৰণ সন্দৰ্ভত প্ৰমোদ বড়োৱে কটাক্ষ কৰি কয়, " হাগ্ৰামা মহিলাৰীৰ কথাৰ কোনো মূল্য নাই। হাগ্ৰামা মহিলাৰীৰ সৈতে আগতে দুই-তিনিবাৰ কথা পতা হৈছিল। কিন্তু হাগ্ৰামাই আমাৰ সৈতে এটা কথা পাতে আৰু মিডিয়াৰ সন্মূখত কয় আন এটা কথা।

author-image
Asomiya Pratidin
New Update
হাগ্ৰামা মহিলাৰীৰ কথাৰ কোনো মূল্য নাই

হাগ্ৰামা মহিলাৰীৰ কথাৰ কোনো মূল্য নাই"

ডিজিটেল ডেস্ক: বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা  কৰিছে প্ৰমোদ বড়োৱে। ইউপিপিএল আৰু বিপিএফ দলৰ একত্ৰিকৰণ সন্দৰ্ভত প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰি কয়, " হাগ্ৰামা মহিলাৰীৰ কথাৰ কোনো মূল্য নাই। হাগ্ৰামা মহিলাৰীৰ সৈতে আগতে দুই-তিনিবাৰ কথা পতা হৈছিল। কিন্তু হাগ্ৰামাই আমাৰ সৈতে এটা কথা পাতে আৰু মিডিয়াৰ সন্মূখত কয় আন এটা কথা। গতিকে মই বিটিচিৰ ৰাইজক সেৱা কৰাৰ বাবে জটিল ৰাজনীতি লৈ যাব বিচৰা নাই। ৰাইজৰ সেৱা আগবঢ়াবলৈ শুদ্ধ চিন্তা আৰু শুদ্ধ মন লাগে বুলি প্ৰমোদ বড়োই উল্লেখ কৰে।" তেওঁ লগতে কয় যে, "বিটিচিৰ ৰাইজে বিগত ১৭ বছৰে হাগ্ৰামা মহিলাৰীক দেখিছে কিমান কেপাছিটি থকা ৰাজনৈতিক নেতা আৰু হাগ্ৰামাৰ মানৱতা কিমান, সমাজক কিমান ভাল পায় । গতিকে আজিৰ তাৰিখত হাগ্ৰামা মহিলাৰীয়ে কৰা চিন্তাধাৰা মোৰ বাবে এক শতাংশ উদ্বেগ জনক নহয়। এতিয়া বিটিআৰত শান্তি আহিছে আৰু এই শান্তি চিৰ যুগমীয়া কৰাই আমাৰ লক্ষ্য" বুলি সদৰী কৰে প্ৰমোদ বড়োৱে।

Advertisment

ইফালে ইউপিপিএল আৰু বিপিএফ দলৰ একত্ৰিকৰণ হোৱাটো বিচৰা নাই হাগ্ৰামা মহিলাৰীয়ে। এই মন্তব্য কৰিছে বিটিচিৰ প্ৰাক্তন উপ কাৰ্য্যবাহী সদস্য খাম্পা বৰগয়াৰীৰ। ইউপিপিএল দলত যোগদান কৰাৰ পিছত পোন প্ৰথমবাৰৰ বাবে পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত উপস্থিত হৈ নেতা গৰাকীয়ে জিলা আৰু প্ৰাথমিক পৰ্য্যায়ৰ নেতা কৰ্মী সকলৰ লগত মত বিনিময় কৰাৰ পিছত সাংবাদিকক মন্তব্য কৰি কয় য়ে, "ইউপিপিএল আৰু বিপিএফ একত্ৰীকৰণ হোৱাটো হাগ্ৰামা মহিলাৰী বিচৰা নাই, কাৰণ মহিলাৰীৰ পৰিকল্পনা মতে বিপিএফ দলৰ যুৱ নেতাসকলে নানান মন্তব্য কৰি একত্ৰীকৰণৰ প্ৰক্ৰিয়া ভংগ কৰিছে।"

bpf pramod boro uppl hagrama mahilari pramod bodo hagrama mahilary