প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ...

মন কী বাত’ত নিজৰ অঞ্চলটোৰ এই প্ৰশংসা শুনিবলৈ পাই বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, কোকৰাঝাৰ:  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিজৰ ১২৩ সংখ্যক 'মন কী বাত’ অনুষ্ঠানত বিশেষ প্ৰসংগৰে বড়োলেণ্ডৰ কথা উল্লেখ কৰে। ভাষণৰ প্ৰায় ১৪ মিনিটত প্ৰধানমন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনাৰে বিটিআৰ চৰকাৰৰ এক পদক্ষেপক ভূয়সী প্ৰশংসা কৰে।

মন কী বাত’ত নিজৰ অঞ্চলটোৰ এই প্ৰশংসা শুনিবলৈ পাই বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। একেদৰে ইউপিপিএলৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়েও প্ৰধানমন্ত্ৰীৰ মুখত বড়োলেণ্ডৰ কথা শুনিবলৈ পাই ধন্য হৈ পৰিছে বুলি মন্তব্য কৰে।

উল্লেখ্য যে, ''প্ৰিয় দেশবাসী আপোনালোকে এটা দৃশ্য কল্পনা কৰকচোন। পুৱাৰ ৰ’দৰ পোহৰ পাহাৰৰ মাজেৰে আহি খেলপথাৰখনত পৰিছে। সেই পোহৰৰ সৈতে আগবাঢ়িছে এজাক ফুটবলপ্ৰেমী। হুইছেল বাজি উঠিছে আৰু কিছু সময়ৰ ভিতৰতে গোটেই খেলপথাৰখন হাত চাপৰিৰে ভৰি পৰিছে। প্ৰতিটো পাছ, প্ৰতিটো গলৰ লগে লগে খেল চাই থকাসকলৰ উৎসাহ বৃদ্ধি পাইছে। আপোনালোকে ভাবিব যে ইমান সুন্দৰ দৃশ্য কোনখন পৃথিৱীত আছে? এই দৃশ্য হৈছে অসমৰ বড়োলেণ্ডৰ। বড়োলেণ্ড অঞ্চলটোৱে আজি সমগ্ৰ দেশতে নতুন ৰূপেৰে উদ্ভাসিত হৈ উঠিছে।’

প্ৰধানমন্ত্ৰীৰ মুখত বড়োলেণ্ডৰ এই প্ৰশংসা শুনি একপ্ৰকাৰ অভিভূত হৈ পৰে মন কী বাত শুনি থকা বিটিআৰৰ প্ৰতিগৰাকী লোক। নিজৰ ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে বড়োলেণ্ডে আজি সমগ্ৰ ভাৰততে নতুন প্ৰজন্মৰ খেলুৱৈসকল উৎসাহিত কৰি তুলিছে বুলিও মন্তব্য কৰে। 

বড়োলেণ্ড মন কী বাত কোকৰাঝাৰ