ডিজিটেল সংবাদ, চিৰাংঃ বিটিআৰৰ পৰ্বতঝোৰাত তাপবিদ্যুৎ প্ৰকল্পৰ নামত ভূমি অধিগ্ৰহণক লৈ সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কৈছিল যে, যদি বিটিআৰত উক্ত তাপ বিদ্যুৎ প্ৰকল্প নেলাগে তেনেহ'লে অসম চৰকাৰে বিকল্প ঠাই হিচাপে ধুবুৰী নাইবা গোৱালপাৰাত স্থাপন কৰিব। মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে বিটিআৰ প্ৰশাসনৰ ভিতৰচৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
মুখ্যমন্ত্ৰীৰ এই বাৰ্তাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে। প্ৰমোদ বড়োৱে সদৰি কৰে যে, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত দেশ বিদেশৰ বিনিয়োগকাৰী সকলক আমন্ত্ৰণ কৰি অসমত বিনিয়োগ বৃদ্ধি কৰিবলৈ এডভান্টেচ অসম ২.০ নামৰ এটা সফল অনুষ্ঠানৰ আয়োজন কৰিছিল। সেই আয়োজনৰ পিছত অসমৰ বিভিন্ন অঞ্চলত নতুন নতুন বিনিয়োগ আহিছে । কিন্তু আমাৰ অঞ্চল বিলাকত বহু প্ৰাকৃতিক প্ৰাচুৰ্য থকাৰ পিছতো আমি সঠিক ভাবে বিনিয়োগ কৰিব পৰা নাই যাৰ কাৰণে আমি অৰ্থনৈতিক ভাবে আগবাঢ়ি যাব পৰা নাই ।
তেওঁ লগতে সদৰি কৰে, এডভান্টেচ অসমৰ দ্বাৰা যিসমূহ বিনিয়োগ বা বিনিয়োগকাৰী অসমত আহিছে সেইবিলাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বিভিন্ন জিলাত ভগাই দিছে। তাৰে বড়োলেণ্ডৰ কোকৰাঝাৰ জিলাত ২০ হেজাৰ কোটি টকাৰ এটা তাপবিদ্যুৎ প্ৰকল্প স্থাপন কৰাৰ প্ৰস্তাৱ দিছিলে আৰু সেই হিচাপত আমি বিটিচি প্ৰশাসনৰ পৰা পৰ্বতঝোৰা এলেকাত ভূমি জৰিপ কৰি অসম চৰকাৰক প্ৰদান কৰিছিলো । কিন্তু প্ৰস্তাৱিত অঞ্চলটোৰ ৰাইজে অলপ ভুল বুজিলে আৰু একাংশ লোকে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে ৰাজনীতি কৰাৰ বাবে এটা অসুবিধা দেখা দিছে । আজিৰ দিনটোত এই প্ৰস্তাৱিত তাপবিদ্যুৎ প্ৰকল্পটোক লৈ আমাৰ বড়োলেণ্ডৰ যিসকল মানুহে ইয়াৰ বিৰোধীতা কৰিছে সেইসকল লোক সকলে আচলতে বহু কথা বুজিয়ে পোৱা নাই বুলি মন্তব্য কৰে।
প্ৰমোদ বড়োৱে লগতে সদৰি যে, যদি ঢালিগাঁৱৰ বিআৰপিল শোধনাগাৰ বা ছালাকাটিৰ এনটিপিচি তাপবিদ্যুৎ প্ৰকল্প স্থাপন কৰিব গলেও এনেদৰে বিৰোধীতাৰ সন্মুখীন নিশ্চয় হলেহেতেন অথচ আমিয়ে আজি বিআৰপিল শোধনাগাৰ বা ছালাকাটিৰ এনটিপিচি তাপবিদ্যুৎ প্ৰকল্পক লৈ গৰ্ব কৰি কও যে আমাৰ বড়োলেণ্ডত ইমান ডাঙৰ দুটাকৈ প্ৰকল্প আছে যত হেজাৰ হেজাৰ লোক কাম কৰি নিজৰ পৰিয়ালৰ পোহপাল দি আছে । আজি পৰ্বতঝোৰাত যিটো তাপবিদ্যুৎ প্ৰকল্প এটা আহিছিলে সেই প্ৰকল্পটোত কম কৰি ৮ হেজাৰৰ পৰা ১০ হেজাৰ স্থানীয় তথা থলুৱা লোকে কাম কৰিব পালেহেঁতেন এই বিলাক যিসকল লোকে বিৰোধীতা কৰি আছে তেওঁলোকে বুজি পোৱা নাই কিন্তু তেওঁলোকে ইখিনি কথা বুজিবলৈ অলপ সময় লাগিব।পৰ্বতঝোৰা অঞ্চলটো এনেই এটা পিছপৰা অঞ্চল কিন্তু ডাঙৰ প্ৰকল্প স্থাপন কৰিবলৈ এটা তাত ৰেল যোগাযোগ, সড়ক পথ যোগাযোগ সম্প্ৰতি ভাল হৈছে তাত বহু লাগতিয়াল বহু ভূমিও আছে সেই কাৰণে অঞ্চলটো বাছনি কৰা হৈছিল। কিন্তু এতিয়া কোনোবাই কোনোবাই কৈ আছে যে তাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি দিব বিচাৰিছে, মানুহ খেদি তেওঁলোকৰ মাটিত ইণ্ডাষ্ট্ৰী স্থাপন কৰিব খুজি আছে অথচ উক্ত প্ৰকল্পত কোনো এজন লোকৰ এক কঠা মাটি লোৱা হোৱা নাই। চাৰিবাৰকৈ মেপ সলনি কৰা হৈছে, গাঁৱৰ ফালে অতিৰিক্ত ১০০/১৫০ বিঘা মাটি এৰি দিয়া হৈছে কাৰণ এই সমগ্ৰ বিষয়টো মই নিজেই চাই আছো বুলি মন্তব্য কৰে ।
তেওঁ লগতে কয়, ২০/৩৯ বছৰ সংগ্ৰাম কৰি অহা মানুহ ! মই কেতিয়াও বিচাৰিম নেকি কোনোবা বড়ো মানুহ বা আমাৰ মানুহ কষ্ট পাওঁক । আজি বহুলোকে কৈ আছে যে আমি টকা লৈ এই কাম কৰি আছো যিবিলাক সপোনতো নেদেখা কথাবোৰ কৈ আছে। ইয়াৰ মাজতে আমি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অনুৰোধ কৰিম আমি আমাৰ ৰাইজৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যে বড়োলেণ্ড অঞ্চলত এনেধৰনৰ ডাঙৰ এটা ইণ্ডাষ্ট্ৰিৰ প্ৰয়োজন আছে। কাৰণ আমাৰ জন্মৰ পিছত এই বড়োলেণ্ড এলেকাত এনেধৰনৰ ইমান ডাঙৰ ইণ্ডাষ্ট্ৰি বা বিনিয়োগ দেখা নাই ।
বৰ্তমান সময়ত এই প্ৰকল্পটোক লৈ যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে, মুখমন্ত্ৰীয়ে বিচাৰিলে অসমৰ যিকোনো ঠাইত এই তাপবিদ্যুৎ প্ৰকল্প স্থাপন কৰিব পাৰে! কিন্তু মুখ্যমন্ত্ৰীয়ে বড়োলেণ্ডৰ মানুহক ভাল পাই বা বড়োলেণ্ড এলেকা অসমৰ সমানে সমানে উন্নয়নৰ চিন্তা কৰি এই প্ৰকল্পটো আনিছিলে আৰু সেইমৰ্মে আমিও ইয়াক আদৰণি জনাইছিলো ! একাংশ লোকে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে এই নাটক বিলাক কৰি আছে আৰু যাৰ বাবে এই সমস্যাটোৰ সৃষ্টি কৰিছে। তথাপিও আমি অলপ সময় বিচাৰিছো এই সমস্যাৰ সমাধান কৰিবলৈ। চিৰাঙৰ বেংতল মহাবিদ্যালয়ত নৱনিৰ্মিত শ্ৰেণীকোঠা আৰু এনটিপিচি আৰ্থিক সাহাৰ্য্যত ডিজিটেল লাইব্ৰেৰী উদ্বোধন কৰিবলৈ আহি সংবাদ মাধ্যমৰ আগত এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰমোদ বড়োৱে।
বড়ো মানুহে কষ্ট পোৱাটো মই নিবিচাৰোঃ প্ৰমোদ বড়োৰ
'বিটিআৰত উক্ত তাপ বিদ্যুৎ প্ৰকল্প নেলাগে তেনেহ'লে অসম চৰকাৰে বিকল্প ঠাই হিচাপে ধুবুৰী নাইবা গোৱালপাৰাত স্থাপন কৰিব।' মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে বিটিআৰ প্ৰশাসনৰ ভিতৰচৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।