প্ৰমোদ বড়ো নেতৃত্বাধীন BTR পৰিষদীয় চৰকাৰৰ দুবছৰ সম্পূৰ্ণ...

প্ৰমোদ বড়ো নেতৃত্বাধীন BTR পৰিষদীয় চৰকাৰৰ দুবছৰ সম্পূৰ্ণ...
প্ৰমোদ বড়ো নেতৃত্বাধীন BTR পৰিষদীয় চৰকাৰৰ দুবছৰ সম্পূৰ্ণ...

ডিজিটেল ডেস্কঃ বি টি আৰ প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰৰ বডোফা নগৰস্থিত বিটিচি সচিবালয়ৰ পথাৰত আজি কেন্দ্ৰীয়ভাৱে উদযাপিত হৈছে বৰ্ষপূৰ্তি অনুষ্ঠান ৷বৰ্ষপূতি উদযাপনৰ সৈতে সংগতি ৰাখি আজি পুৱা ৫-৩০ বজাত শান্তিৰ বাবে এক পদযাত্ৰা উলিওৱা হয় ৷

বি টি আৰ সচিবালয়ৰ পৰা উলিওৱা শান্তিৰ পদযাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে বি টি চি বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু কাৰ্যবাহী সদস্য দাওবৈছা বড়োৱে৷

শান্তিৰ পদযাত্ৰাত বি টি চি প্ৰধান প্ৰমোদ বড়োসহ কেইবাগৰাকী কাৰ্যবাহী সদস্য, পাৰিষদ আৰু বিভিন্ন বিভাগৰ বিষয়া - কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷দেশভক্তি তথা বিভিন্ন শান্তিমূলক সংগীতৰে আৰম্ভ কৰা পদযাত্ৰা কোকৰাঝাৰ চহৰৰ বিভিন্ন পথত পৰিভ্ৰমী কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত সামৰণি পৰে ৷

বি টি আৰ চৰকাৰৰ মূল লক্ষ্যই হ'ল শান্তি - ঐক্য বজাই ৰখা আৰু যাৰ বাবে বি টি আৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি উদযাপনৰ সতে সংগতি ৰাখি এই শান্তিৰ পদযাত্ৰা কাৰ্যসূচী লোৱা হৈছে বুলি বি টি চি প্ৰধান প্ৰমোদ বড়োৱে মন্তব্য কৰে ৷

বৰ্ষপূতি উদযাপনৰ আজি দিনজোৰা অন্যান্য কাৰ্যসূচী অনুযায়ী দোতমাৰ থুলুংগাপুৰীত থকা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ , কোকৰাঝাৰৰ ভাটিপাৰাত থকা বডোলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিৎ নাৰ্জাৰীৰ প্ৰতিমূৰ্তিত শ্বহীদ তৰ্পন আৰু বিটিচিৰ সচিবালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় ৷

ইয়াৰ পিছতেই ৰাতিপুৱা ১০:০০ বজাত বিভিন্ন বিভাগৰ সফলতাসমুহ উপস্থাপন কৰা হ'ব । বি টি আৰ চৰকাৰৰ দুবছৰীয়া বৰ্ষপূতি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যপাল জগদীশ মুখী আৰু বিশেষ অতিথি হিচাপে বিজেপিৰ কেন্দ্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডাই অংশগ্ৰহণ কৰিব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in