কাৰিগাঁৱত আদৰণি তোৰণ নিৰ্মাণৰ আধাৰশিলা স্থাপন প্ৰমোদ বড়োৰ

কাৰিগাঁৱত আদৰণি তোৰণ নিৰ্মাণৰ আধাৰশিলা স্থাপন প্ৰমোদ বড়োৰ

author-image
Asomiya Pratidin
New Update
কাৰিগাঁৱত আদৰণি তোৰণ নিৰ্মাণৰ আধাৰশিলা স্থাপন প্ৰমোদ বড়োৰ

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ শুকুৰবাৰে কোকৰাঝাৰৰ কাৰিগাঁৱত আদৰণি তোৰণ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। ১ কোটি ৮১ লাখ টকাৰে নিৰ্মিত হ'ব আদৰণি তোৰণখন।

Advertisment

আজিৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত বিধায়ক লৰেঞ্চ ইছলাৰী,বিটিআৰ ৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰী আৰু বিটিআৰৰ কাৰ্যবাহী সদস্য উকিল মুছাহাৰীও উপস্থিত আছিল।

আধাৰশিলা স্থাপনৰ পিছত সাংবাদিকৰ আগত প্ৰমোদ বড়োৱে কয় যে, কোকৰাঝাৰক সৰ্বাংগ সুন্দৰ ৰূপত গঢ়ি তোলা হ'ব।কাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈ ফৰলেন ৰাস্তাৰ প্ৰস্তাৱ দিয়া হৈছে। বিটিচি সচিবালয়ৰৰ সন্মুখত যুদ্ধত ব্যৱহৃত কামান,টোপ ৰখা হ'ব।

লগতে তেওঁ কয় যে, ১৩৩ তম ডুৰান্ত কাপ ফুটবল কোকৰাঝাৰত অনুষ্ঠিত হ'ব।এই অনুষ্ঠানত ৰাষ্ট্ৰপতি, প্ৰতিৰক্ষা মন্ত্ৰীক আমন্ত্ৰণ জনোৱা হৈছে বুলিও সংবাদিকৰ আগত উল্লেখ কৰে।

Also Read: ৰাওনা পথাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ

Karigaon pramod boro