পৰ্বতঝোৰাত ভূমি বন্দোৱস্তি পত্ৰ বিতৰণ সভাত প্রমোদ বড়ো

বিটিআৰ চৰকাৰৰ ভূমি ৰাজহ বিভাগৰ উদ্যোগত পৰ্বতঝোৰাৰ বগৰিবাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ বিভিন্ন গাঁৱৰ ভূমিহীন ১,২৪৫ টা পৰিয়ালক বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ভূমি বন্দোৱস্তি পত্ৰ বিতৰণ কৰে

author-image
Asomiya Pratidin
New Update
পৰ্বতঝোৰাত ভূমি বন্দোৱস্তি পত্ৰ বিতৰণ সভাত প্রমোদ বড়ো

ডিজিটেল সংবাদ, পৰ্বতঝোৰা : বিটিআৰ চৰকাৰৰ ভূমি ৰাজহ বিভাগৰ উদ্যোগত পৰ্বতঝোৰাৰ বগৰিবাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ বিভিন্ন গাঁৱৰ ভূমিহীন ১,২৪৫ টা পৰিয়ালক বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ভূমি বন্দোৱস্তি পত্ৰ বিতৰণ কৰে বিটিআৰৰ মুৰব্বী প্রমোদ বড়োই। আজিৰ এই ভূমি বন্দোবস্তি পত্ৰ বিতৰণ অনুষ্ঠানত প্রমোদ বড়োক সংগ দিয়ে ভূমি ৰাজহ আৰু বন বিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত কুমাৰ বসুমতাৰী ওৰফে ফেৰেঙা লগতে উপস্থিত থাকে খাম্পা বৰগঞাৰি, ৰেওঁৰেৱা নাৰ্জাৰী, মাধৱ ছেত্ৰীকে আদি কৰি বহুত নেতা কৰ্মী।

ইফালে পৰ্বতঝোৰাৰ বাসবাৰীত তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মানৰ বাবে প্ৰদান কৰা ভূমিৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ অব্যাহত ৰখা বুলি প্ৰশ্ন কৰাত প্রমোদ বড়োই কয় যে, হাগ্ৰামা মহিলাৰীৰ বি পি এফ দলৰ শাসন কালত কৰিব নোৱাৰিলে বাবে ৰাজনীতি কৰি কোকৰাঝাৰৰ পৰা আহি ইয়াত আন্দোলন কৰি আছে। একপ্ৰকাৰ পৰোক্ষভাৱে বিপিএফ দলে এই আন্দোলন সৃষ্টি কৰাৰ ইংগিত প্ৰদান কৰে প্রমোদ বড়োই।

পৰ্বতঝোৰা প্ৰমোদ বড়ো