নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰ

নতুন দিল্লীত মঙলবাৰে কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো আৰু এবছুৰ নেতৃত্ববৃন্দই। ২০২৬ চনৰ পূৰ্বে এনডিএফবিৰ ৰঞ্জন দৌমাৰীসহ ৬ গৰাকী কেডাৰক মুকলি কৰাৰ বাবে এক আলোচনা কৰে দলটোৱে। 

author-image
Asomiya Pratidin
New Update
341

ডিজিটেল ডেস্ক : নতুন দিল্লীত মঙলবাৰে কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো আৰু এবছুৰ নেতৃত্ববৃন্দই। ২০২৬ চনৰ পূৰ্বে এনডিএফবিৰ ৰঞ্জন দৌমাৰীসহ ৬ গৰাকী কেডাৰক মুকলি কৰাৰ বাবে এক আলোচনা কৰে দলটোৱে। 

Advertisment

ইতিমধ্যে প্ৰমোদ বড়ো আৰু এবছু নেতৃবৃন্দক কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাৰাবন্দী ৰঞ্জন দৈমাৰী আৰু ৬গৰাকী কেডাৰক মুকলি কৰি দিয়াৰ ক্ষেত্ৰত আশ্বাস প্ৰদান কৰা বুলি জানিবলৈ দিয়ে। তাৰোপৰি আগন্তুক বৰ্ষাকালীন অধিৱেশনত বি টি আৰ চুক্তিৰ ৪.৩ নং দফা অনুসৰী সংবিধানৰ ১২৫ তম সংশোধনী বিধেয়ক আৰু ২৮০ অনুচ্ছেদ গৃহীত কৰিবলৈও অনুৰোধ জনাই দলটোৱে।

আজিৰ এই আলোচনাতে কাৰ্বি আংলং জিলাৰ বড়ো -কছাৰী লোকসকলক পাৰ্বত্য জিলাৰ মৰ্যাদা প্ৰদান কৰা আৰু কাৰ্বিসকলক ভৌয়াম জনজাতি মৰ্যাদা প্ৰদান কৰাৰ বাবে গৃহমন্ত্ৰী শ্বাহক অনুৰোধ জনাই প্ৰমোদ বড়ো আৰু এবছুৰ নেতৃত্বই। একেদৰে বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ অধিক গাঁও বি টি আৰত অন্তর্ভুক্ত কৰিবলৈ অনুৰোধ জনায়।

উল্লেখযোগ্য যে, বিটিআৰ নিৰ্বাচন নহয়, ২০২৬ৰ বিধানসভা নির্বাচন পূৰ্বে এই সমস্যাসমূহ সমাধান কৰিবলৈ কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীক অনুৰোধ জনাই প্ৰমোড বড়ো আৰু এবছু নেতৃবৃন্দই

প্ৰমোদ বড়ো