/asomiyapratidin/media/media_files/2024/12/08/cn0duJYIugCFIa5X7V9K.jpg)
ডিজিটেল ডেস্ক : 'ভাৰতৰ ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনি আৰু সৰ্বাংগীন বৃদ্ধিৰ কথা কেৱল চৰ্চাই নহয়, আন্তঃৰাষ্ট্ৰীয় সমাজেও শলাগ লৈছে' - এক অনুষ্ঠানত এইদৰে মন্তব্য কৰে অৰ্থনীতিবিদ তথা বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ কাৰ্যবাহী কৃষ্ণমূৰ্তি ভি সুব্ৰমণিয়ামে।
এই সন্দৰ্ভত তেওঁ লগতে কয়- ‘মই ভাবো ভাৰতীয় অৰ্থনীতি সামগ্ৰিকভাৱে আন্তৰ্জাতিক পৰ্যায়ত ভালেখিনি উত্তৰণ ঘটিছে। ক’ভিডৰ পিছত ধাৰাবাহিকভাৱে অৰ্থনীতি বৃদ্ধিৰ হাৰ ৭% হৈ আহিছে।
প্ৰসংগক্ৰমে তেওঁ বিগত ৩টা মাহত এই হাৰ হ্ৰাস পোৱাৰ কথাও উল্লেখ কৰে। মূলধনী ব্যয়ৰ মন্থৰতাৰ বাবে হ্ৰাস হোৱা বুলি তেখেতে মন্তব্য কৰে। লগতে আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতৰ ৰপ্তানিৰ ওপৰতো কিছু প্ৰভাৱ পৰা বুলি কাৰ্যবাহী সঞ্চালকগৰাকীয়ে মন্তব্য কৰে।