/asomiyapratidin/media/media_files/2024/12/04/jXpH5x14fCFvT8EssWSU.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ বিজ্ঞান মানসিকতা সৃষ্টি, বিজ্ঞান জনপ্রিয়কৰণত ওৰে জীৱন উৎসর্গিত বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাক বিশ্বনাথ ৰাস মহোৎসৱে আজি প্রজ্ঞাসিন্ধু' অভিধাৰে বিভূষিত কৰিছে। বিশ্বনাথ ৰাস মহোৎসৱৰ সভাপতি নিৰঞ্জন হাজৰিকাৰ সভাপতিত্বত হোটেল লী পেলেছত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আধুনিক বিশ্বনাথৰ নিৰ্মাতা চেনিৰাম দাসক মৰণোত্তৰভাৱে বিশ্বনাথ শিৰোমণি বঁটা প্ৰদান কৰা হয়।
সমান্তৰালকৈ বিশ্বনাথৰ বিধায়ক প্রমোদ বৰঠাকুৰক বিশ্বনাথ বিভূষণ, বিশিষ্ট উদ্যোগী তথা সমাজকর্মী নৰেন শর্মাক বিশ্বনাথ বৈভৱ অভিধাৰে বিভূষিত কৰা হয়। কাৰ্যকৰী সভাপতি বসন্ত বৰা, সাধাৰণ সম্পাদক গৌতম দাধৰাই আঁত ধৰা সভাত বিশ্বনাথৰ বিদ্বান সমাজৰ সমুখত বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱা, বিধায়ক প্ৰমোদ বৰঠাকুৰ,উদ্যোগপতি নৰেন শৰ্মা,আৰু প্ৰয়াত চেনিৰাম দাসৰ হৈ সূৰ্য বৰাক গামোছা, চেলেং,শৰাই,স্মাৰক আৰু প্ৰশস্তি পত্ৰৰে সন্মানিত কৰা হয়।
বিজ্ঞান জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত বিভিন্ন অভিজ্ঞতা আৰু বৰ্তমান সময়ত বিজ্ঞান চৰ্চাৰ আৱশ্যকতা আদি বিভিন্ন দিশত বক্তব্য আগবঢ়াই বৰুৱাই বিশ্বনাথ ৰাস মহোৎসৱক ধন্যবাদ জ্ঞাপন কৰে। তদুপৰি অভিধা গ্ৰহণ কৰি বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে এতিয়াৰে পৰা দায়িত্ব বাঢ়িল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।বিশ্বনাথৰ সৰ্বাঙ্গীণ উন্নয়নৰ প্ৰতি সচেষ্ট বিধায়ক বৰঠাকুৰে অহা ডেৰটা বছৰত অঞ্চলটোত উন্নয়নত অধিক মনোনিৱেশ কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে।
সভাত সূৰ্য বৰায়ো চেনিৰাম দাসৰ বিষয়ে অৱগত কৰে।সভাত নবাতিপৰ জীতেন ভাগৱতীয়ে বিশ্বনাথ ৰাস মহোৎসৱৰ কাৰ্যক শলাগ লৈ বক্তব্য আগবঢ়ায়।ইতিমধ্যে বিশ্বনাথ কৃষি মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা বিষয়ৰ ৰাজহুৱা মতৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায় বিশ্বনাথৰ বিধায়ক বৰঠাকুৰে।
সভাত বিশ্বনাথ ৰাস মহোৎসৱৰ হৈ উপদেষ্টা মুকুল শৰ্মা,সম্পাদক ধন্তি দত্ত,বুল ভূঞা,সহ সম্পাদক ভাস্কৰ বৰা,সৌৰভ জ্যোতি বৰাৰ লগতে বিশিষ্ট ব্যক্তি সকলে অংশ গ্ৰহণ কৰে।বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ চিন্তামণি শৰ্মা,জ্যেষ্ঠ ব্যক্তি কমল ভূঞা,অপূৰ্ব কুমাৰ দাস,হিৰণ্য হাজৰিকাৰ উপৰি বিভিন্ন দল সংগঠনৰ বিষয় ববীয়াই বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে।