/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/043b9211-6e0f-476b-bee0-5ebee3428ae8.jpg)
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশবাসীয়ে এতিয়া উৎকণ্ঠাত পাৰ কৰিছে সময়। কিছু সময়ৰ পাছতে ইতিহাস ৰচনা কৰি চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান-২ৱে। চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ বিক্ৰম অৱতৰণৰ পাছতে এই প্ৰক্ৰিয়া সম্পন্ন কৰা বিশ্বৰ ভিতৰতে ভাৰত চতুৰ্থখন দেশ হিচাপে স্বীকৃতি পাব। ইয়াৰ পূৰ্বে ৰাছিয়া, আমেৰিকা আৰু চিনে এই বিৰল কাৰ্য সম্পাদন কৰিছিল।
কেৱল এই অভিলেখে নহয়, চন্দ্ৰযান-২ৱে মহাকাশৰ ইতিহাসত ৰচনা কৰিব আন এক অভিলেখ। চন্দ্ৰৰ দক্ষিণ প্ৰান্তত উপস্থিত হোৱা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হ'ব ভাৰত। উল্লেখ্য যে, ১৪৭১ কিলোগ্ৰাম ওজনৰ লেণ্ডাৰ বিক্ৰম চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ প্ৰায় ৪ ঘন্টাৰ পাছত অৱতৰণ কৰিব ৰভাৰ বিক্ৰমে।
ইতিমধ্যে এই অভিযানক লৈ ইছৰ'ৰ অধ্যক্ষ কে শিৱনে কৈছে যে, এই অভিযান এক শ্বাসৰুদ্ধকৰ অভিযান। কিয়নো ইছৰ'ৰ বাবে এয়া হৈছে সবাটোকৈ জটিল অভিযান।