/asomiyapratidin/media/media_files/2025/07/31/web-ap-malegaon-2025-07-31-15-07-13.jpg)
ডিজিটেল ডেস্কঃ মহাৰাষ্টৰ মালেগাওঁ বোমা বিস্ফোৰণৰ সৈতে জড়িত সাত জনকৈ অভিযুক্তক দোষমুক্ত কৰিলে নিয়াৰ আদালতে। বহু চৰ্চিত এই বিস্ফোৰণৰ অন্যতম মুখ্য অভিযুক্ত আছিল বিজেপি নেত্ৰী তথা ভূপালৰ সাংসদ সাধ্বী প্ৰজ্ঞা আৰু লেফটেনেণ্ট কৰ্ণেল শ্ৰীকান্ত পুৰোহিত।
প্ৰায় ১৭ বছৰ পূৰ্বে মালেগাঁৱত সংঘটিত হোৱা উক্ত বোমা বিস্ফোৰণৰ ঘটনাত ছজনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ জনতকৈ অধিক লোক আহত হৈছিল। ২০০৮ চনৰ ২৯ ছেপ্টেম্বৰৰ সেই বিস্ফোৰণ মালেগাঁৱৰ মছজিদৰ সমীপত সংঘটিত হৈছিল।
গোচৰটো সন্দৰ্ভত ন্যায়ালয়ে ৩২৩ জন সাক্ষীক সোধ-পোছ কৰিছিল। ইয়াৰে ৩৭ জন সাক্ষীয়ে তেওঁলোকৰ মন্তব্যৰ পৰা আঁতৰি আহে। ২০১১ চনলৈকে এই গোচৰৰ দায়িত্বত মহাৰাষ্ট্ৰ এণ্টি টেৰৰিজম স্কোৱাড আছিল যদিও পৰৱৰ্তী সময়ত এই গোচৰৰ তদন্তৰ দায়িত্ব নিয়াৰ হাতত অৰ্পণ কৰা হৈছিল।
নিয়াই এই গোচৰত মুখ্য অভিযুক্ত প্ৰজ্ঞা ঠাকুৰ, মেজৰ ৰমেশ উপাধ্যায় (অৱসৰপ্ৰাপ্ত), অজয় ৰাহিৰকাৰ, সুধাকৰ দ্বিবেদী, সুধাকৰ চতুৰ্বেদী আৰু সমীৰ কুকৰাৰ্ণী আদিৰ বিৰুদ্ধে অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন চমুকৈ ইউ এ পি এ আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।
ৰায়দানত কি কলে ন্যায়ালয়ে?
গোচৰটোৰ শুনানিৰ সময়ত চৰকাৰী পক্ষই বোমা বিস্ফোৰণ হোৱা বুলি প্ৰমাণ কৰিব পাৰিছিল যদিও যিখন মটৰ চাইকেলত বোমাটো সংস্থাপিত কৰা বুলি দাবী কৰা হৈছিল সেয়া প্ৰমাণ কৰিব নোৱাৰিলে।
অভিযুক্ত লেফটেনেণ্ট কৰ্ণেল পুৰোহিতে কাশ্মীৰৰ পৰা আৰ ডি এক্স আনিছিল বুলি দাবী কৰা হৈছিল যদিও কোনো সুনিৰ্দিষ্ট প্ৰমাণ পোৱা নগ’ল। পুৰোহিতে সেই বোমাটো নিজৰ ঘৰতে প্ৰস্তুত কৰিছিল বুলি যি অভিযোগ উঠিছিল প্রমাণ কৰিব পৰা নগ’ল৷
বিস্ফোৰণৰ সময়খিনি ৰমজান মাহৰ হোৱাৰ বাবে সেই অঞ্চলটো বন্ধ হৈ আছিল। সেই অঞ্চলটোলৈ চাইকেলখন কেনেকৈ আহিছিল, কোনে আনিছিল সেয়াও স্পষ্ট নহ’ল।
কোৱা হৈছিল যে ইন্দোৰ, উজ্জয়ন, নাচিকৰ দৰে ঠাইত এই বিস্ফোৰণৰ ষড়যন্ত্ৰৰ ৰচনা কৰা হৈছিল আৰু বৈঠক অনুষ্ঠিত হৈছিল। আদালতত এনে বৈঠকৰ কোনো বিশ্বাসযোগ্য প্ৰমাণ দাখিল কৰিব পৰা নগ’ল।
আদালতত এই কথাও পোহৰলৈ আহিছে যে তদন্তকাৰী বিষয়াসকলে অভিযুক্তৰ ফোন ৰেকৰ্ড পৰীক্ষা কৰাৰ অনুমতিও লোৱা নাছিল।
অভিনৱ ভাৰতৰ গোচৰত পুৰোহিত, ৰহিৰকাৰ আৰু উপাধ্যায়ৰ মাজত আৰ্থিক লেনদেনৰ কিছু প্ৰমাণ পোৱা গৈছিল যদিও সেই ধন সন্ত্ৰাসবাদী কাৰ্যত ব্যৱহাৰ কৰা বুলি প্ৰমাণ কৰিব পৰা নগ’ল।
বিচাৰ বিভাগে নিজৰ অভিযোগ প্ৰমাণ কৰিবলৈ বিশ্বাসযোগ্য আৰু সুনিৰ্দিষ্ট প্ৰমাণ দাঙি ধৰিব পৰা নাছিল। সকলো প্ৰমাণ বিবেচনা কৰি আদালতে ৰায় দিয়ে যে অভিযুক্তক দোষী সাব্যস্ত কৰিবলৈ পৰ্যাপ্ত আইনী ভিত্তি নাই।
ই এক গুৰুতৰ অপৰাধ আছিল যদিও ৰায়দান কৰিবলৈ আদালতক কঠিন আৰু নিৰ্বিবাদ প্ৰমাণৰ প্ৰয়োজন। সকলো অভিযুক্তকে নিৰ্দোষী বুলি ঘোষণা কৰা হৈছে।
কিদৰে সংঘটিত হৈছিল বিস্ফোৰণ?
২০০৮ চনৰ ২৯ ছেপ্টেম্বৰৰ নিশা ৯.৩৫ বজাত মহাৰাষ্ট্ৰৰ মালেগাঁৱত ‘ছকীল গুডছ ট্ৰেন্সপ’ৰ্ট’ৰ সন্মুখৰ অঞ্জুমান চ’ক আৰু ভিক্কু চ’কৰ মাজত সংঘটিত হৈছিল বোমা বিস্ফোৰণৰ ঘটনা। সেই বিস্ফোৰণত ছয়জন লোক নিহত হোৱাৰ লগতে আহত হৈছিল ১০১জন লোক।
এই বিস্ফোৰণত ব্যৱহাৰ কৰা হৈছিল এখন মটৰ চাইকেল। NIAৰ প্ৰতিবেদন অনুসৰি এই মটৰ চাইকেলখন প্ৰজ্ঞা ঠাকুৰৰ নামত আছিল। গোচৰটো প্ৰথমে তদন্ত কৰিছিল মহাৰাষ্ট্ৰ এ টি এছে হেমন্ত কাৰ্কাৰেৰ নেতৃত্বত।
গোচৰোটৰ মুখ্য অভিযুক্ত প্ৰজ্ঞা ঠাকুৰ সেই সময়ত আছিল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এ বি ভি পিৰ সদস্য।গোচৰটোৰ সন্দৰ্ভত পৰৱৰ্তী সময়ত পুনে, নাচিক, ভূপাল আৰু ইন্দোৰত আৰক্ষীয়ে তদন্ত চলায়।
সেই তদন্তৰ মাজতে সেনা বিষয়া কৰ্ণেল প্ৰসাদ পুৰোহিত আৰু অৱসৰপ্ৰাপ্ত মেজৰ ৰমেশ উপাধ্যায়কো গ্ৰেপ্তাৰ কৰে। তাৰ মাজতে চৰ্চালৈ আহিছিল আন এক হিন্দু সংগঠন অভিনৱ ভাৰতৰ নাম।তাৰ পিছতেই গ্ৰেপ্তাৰ হৈছিল সুধাকৰ দ্বিবেদী ওৰফে দয়ানন্দ পাণ্ডে।
কিদৰে অভিযুক্ত হৈছিল প্ৰজ্ঞা ঠাকুৰ
এ টি এছৰ চাৰ্জশ্বিট অনুসৰি এই বিস্ফোৰণৰ সৈতে প্ৰজ্ঞা ঠাকুৰ জড়িত থকাৰ আটাইতকৈ ডাঙৰ প্ৰমাণ আছিল বিস্ফোৰণত ব্যৱহাৰ হোৱা মটৰ চাইকেলখন তেওঁৰ নামত আছিল।
তাৰ পিছতে প্ৰজ্ঞাক গ্ৰেপ্তাৰ কৰা হৈছিল। মহাৰাষ্ট্ৰ কণ্ট্ৰ’ল অৱ অৰ্গেনাইজড ক্ৰাইম এক্ট (এম চি অ’ চি এ) তেওঁৰ ওপৰত জাপি দিয়া হৈছিল।
অভিযোগনামা অনুসৰি তদন্তকাৰীয়ে মেজৰ ৰমেশ উপাধ্যায় আৰু লেফটেনেণ্ট কৰ্ণেল পুৰোহিতৰ মাজত হোৱা এক বাৰ্তালাপৰ সময়তো মালেগাওঁ বিস্ফোৰণৰ গোচৰত প্ৰজ্ঞা ঠাকুৰৰ ভূমিকাৰ কথা উল্লেখ কৰা হৈছে।
পিছত এই গোচৰৰ দায়িত্ব এ টি এছৰ পৰা এন আই এৰ হাতলৈ যায়। এন আই এৰ চাৰ্জশ্বীটতো তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল। মালেগাওঁ বিস্ফোৰণৰ তদন্তত ২০০৯ আৰু ২০১১ চনত মহাৰাষ্ট্ৰ এটিএছে বিশেষ এম চি অ’ চি এ আদালতত দাখিল কৰা অভিযোগনামাত ১৪ জন অভিযুক্তৰ নাম পঞ্জীয়ন কৰিছিল।
২০১৬ চনৰ মে’ মাহত এন আই এয়ে গোচৰটোৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ সময়তে তাত আছিল ১০ জন অভিযুক্তৰ নাম। এই অভিযোগনামাত প্ৰজ্ঞাক নিৰ্দোষী ঘোষণা কৰা হয়।
তাৰ পিছত সাধৱী প্ৰজ্ঞাৰ ওপৰত জাপি দিয়া এম চি অ’ চি এ আঁতৰাই দিয়া হয় আৰু প্ৰজ্ঞা ঠাকুৰৰ ওপৰত কাৰ্কাৰেৰ তদন্ত অসামঞ্জস্যপূৰ্ণ বুলি কোৱা হয়। চাৰ্জশ্বীটত উল্লেখ কৰা মটৰ চাইকেলখন প্ৰজ্ঞাৰ নামত আছিল যদিও মালেগাওঁ বিস্ফোৰণৰ দুবছৰ আগৰ পৰাই সেই মটৰ চাইকেলখন কলছাংগ্ৰাই ব্যৱহাৰ কৰি আছিল।
অৱশ্যে প্ৰজ্ঞা ঠাকুৰে জামিন লাভ কৰিলেও তেওঁৰ বিৰুদ্ধে গোচৰ চলি থাকিল। পিছত ২০১৯ চনত ভূপালৰ পৰা বিজেপিৰ হৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি দিগ্বিজয় সিঙক পৰাস্ত কৰি সংসদলৈ নিৰ্বাচিত হৈ আহে।