সুপ্ৰকাশ ভূঞালৈ প্ৰাগজোতিষপুৰ যুৱ সাহিত্য বঁটা

১৯৯০ চনত জন্ম লাভ কৰা সুপ্ৰকাশ ভূঞাৰ পিতৃ-মাতৃ ক্ৰমে শান্তিৰাম ভূঞা আৰু ৰাণু ভূঞা ৷ তেওঁ ৰচনা কৰা গল্প প্ৰকাশ, প্ৰান্তিক, গৰীয়সী, সাতসৰী আদি আগশাৰীৰ সাহিত্য আলোচনীত প্ৰকাশিত হৈ আহিছে ৷

author-image
Asomiya Pratidin
New Update
জালিয়াতিৰে বেংকৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱঞ্চক

ডিজিটেল সংবাদ, গুৱাহাটীঃ শুকুৰবাৰে প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা-২০২৪ ঘোষণা কৰিছে শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসে ৷ ন্যাসৰ এক বিবৃতিত প্ৰকাশ যে নিৰলস সাধনাৰে সাহিত্য সৃষ্টি কৰি অহা নেপালী ভাষাৰ বৰ্ষীয়ান সাহিত্যিক বিদ্যাপতি দাহাললৈ এই বঁটা আগবঢ়োৱা হৈছে ৷

Advertisment

সংস্কৃত পণ্ডিৎ, ব্যাকৰণ-বেদান্ত-সাহিত্য শাস্ত্ৰী দাহালে নেপালী ভাষাৰ লগতে ৰাষ্ট্ৰভাষা হিন্দীতো মননশীল সাহিত্য সৃষ্টি কৰি সুনাম অৰ্জন কৰিছে ৷ ভাষা-ব্যাকৰণৰ পাণ্ডিত্যৰে উজ্বলি উঠা দাহালে সাহিত্যৰ মাজেৰে লোক-জীৱনকো প্ৰতিফলিত কৰিছে ৷

আনহাতে প্ৰাগজ্যোতিষপুৰ যুৱ সাহিত্য বঁটা-২০২৪ আগবঢ়োৱা হৈছে শিৱসাগৰ জিলাৰ দিখৌমুখৰ গুৱাল গাঁৱৰ যুৱ সাহিত্যিক সুপ্ৰকাশ ভূঞালৈ ৷  ১৯৯০ চনত জন্ম লাভ কৰা সুপ্ৰকাশ ভূঞাৰ পিতৃ-মাতৃ ক্ৰমে শান্তিৰাম ভূঞা আৰু ৰাণু ভূঞা ৷ তেওঁ ৰচনা কৰা গল্প প্ৰকাশ, প্ৰান্তিক, গৰীয়সী, সাতসৰী আদি আগশাৰীৰ সাহিত্য আলোচনীত প্ৰকাশিত হৈ আহিছে ৷

সমান্তৰালকৈ সমাজ-ৰাজনৈতিক বিষয়ক লৈও তেওঁ গৱেষণামূলক নিবন্ধ ৰচনা কৰি এক নিজস্ব বৌদ্ধিক পৰিচয় অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ দেওবাৰে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ-২০২৪ৰ অন্তিমদিনা সন্ধিয়া ৫-৩০ বজাত আয়োজন কৰা সামৰণি অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হব ৷ বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰিব বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক ড° অমৰজ্যোতি চৌধুৰীয়ে ৷

সাহিত্য বঁটা