Advertisment

শংকৰদেৱ কলাক্ষেত্ৰত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আয়োজন

এলানি বৰ্ণিল কাৰ্যসূচীৰে শনিবাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উদযাপিত হ’ব প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ-২০২৪...

author-image
Asomiya Pratidin
New Update
fdhfg

ডিজিটেল সংবাদ, গুৱাহাটী : এলানি বৰ্ণিল কাৰ্যসূচীৰে শনিবাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উদযাপিত হ’ব প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ-২০২৪ ৷ শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসে কাইলৈৰ পৰা অহা ১৫ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ আয়োজন কৰা সাহিত্যৰ এই মনোৰম উৎসৱত সমাহাৰ ঘটিব আলোচনা সত্ৰ, লেখক-সাহিত্যিকৰ মুখামুখি, কৰ্মশালা, প্ৰদৰ্শনী, বহুভাষিক কবিসন্মিলনৰ দৰে মনোজ্ঞ অনুষ্ঠানৰ লগতে মনপৰশা সাংস্কৃতিক কাৰ্যসূচীৰ ৷ 

Advertisment

আয়োজক সমিতিৰ সভাপতি, বিশিষ্ট সাহিত্যিক তৰেণ বড়ো আৰু সম্পাদক বিক্ৰম কলিতাই শুকুৰবাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে অনুষ্ঠানৰ কাৰ্যসূচীসমূহ ঘোষণা কৰিছে ৷ সেই অনুসৰি কাইলৈ পুৱা ১০-৩০ বজাৰ পৰা দুপৰীয়া ১২-১৫ বজালৈ অনুষ্ঠিত হ’ব উদ্বোধনী সত্ৰ ৷ 

ইয়াত আদৰণি ভাষণ আগবঢ়াব শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ সভাপতি, অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ৷ অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, বিশিষ্ট সাহিত্যিক, ড° মালিনী গোস্বামীয়ে ৷ 

মূল ভাষণ প্ৰদান কৰিব “থুগলক”ৰ সম্পাদক, যশস্বী নিবন্ধকাৰ স্বামীনাথন গুৰুমূৰ্তিয়ে ৷ সামৰণি ভাষণ আবঢ়াব আয়োজক সমিতিৰ সভাপতি, বিশিষ্ট সাহিত্যিক তৰেণ বড়োৱে ৷ উদ্বোধনী সত্ৰত বৰগীত পৰিৱেশন কৰিব বিশিষ্ট শাস্ত্ৰীয় সংগীতশিল্পী বিদ্যাসাগৰে ৷ 

আনহাতে বিয়লি ১২-৩০ বজাৰ পৰা ১-৩০ বজালৈ  “সংবিধান আৰু সংস্কৃতি” শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰিব সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা বিশিষ্ট স্তম্ভ লেখক জে সাই দীপকে ৷ এই অনুষ্ঠানৰ আঁত ধৰিব প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, অধ্যাপক যোগেশ কাকতিয়ে ৷ বিয়লি ২-১৫ বজাৰ পৰা ৩-১৫ বজালৈ অনুষ্ঠিত হ’ব অন্য এখন বক্তৃতা সত্ৰ ৷ 

ইয়াত “ইতিহাস আৰু পুনৰীক্ষণৰ গুৰত্ব” শীৰ্ষক বিষয়ত  বক্তৃতা প্ৰদান কৰিব  অগ্ৰণী অৰ্থনীতিবিদ, জনপ্ৰিয় ইতিহাসবিদ সঞ্জীৱ সান্যালে ৷ এই অনুষ্ঠানৰ আঁত ধৰিব প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ-২০২৪ৰ উপ-সভাপতি নয়ন ভট্টাচাৰ্যই ৷ 

আনহাতে বিয়লি ৩-৩০ বজাৰ পৰা ৪-৩০ বজালৈ বক্তৃতা সত্ৰৰ বিষয় হৈছে “ট্ৰেডমিলৰ পৰা ট্ৰেভেলেটৰলৈঃ ২০৪৭ৰ দিশত ভাৰত” ৷ ইয়াত ভাষণ আগবঢ়াব জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আণৱিক চিকিৎসা বিকাশ কেন্দ্ৰৰ অধ্যাপক, প্ৰখ্যাত লেখক ড° আনন্দ ৰংগনাথনে ৷ 

এই সত্ৰখনত আঁত ধৰিব প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ-২০২৪ৰ উপ-সভাপতি, বিশিষ্ট সাংবাদিক-লেখক নৱ ঠাকুৰীয়াই ৷ বিয়লি ৪-৪৫ বজাৰ পৰা সন্ধিয়া ৭-০০ বজালৈ  অনুষ্ঠিতব্য সাংস্কৃতিক কাৰ্যসূচীত টোকাৰী গীত পৰিৱেশ কৰিব উদীয়মান লোকশিল্পী হীৰকজ্যোতি শৰ্মাই ৷ 

ন-পুৰণি গীতৰ সমাহাৰত অংশগ্ৰহণ কৰিব কণ্ঠশিল্পী ববিতা শৰ্মা, কল্লোল বৰঠাকুৰ আৰু শৰৎ ৰাগে ৷ তদুপৰি সংগীত নাটক একাডেমী যুৱ বঁটা প্ৰাপক ড° কুলদীপ পাটগিৰিৰ পৰিচালনাৰে প্ৰদৰ্শিত হ’ব মুকাভিনয় ৷ দ্বিতীয় দিনা ১৪ ডিচেম্বৰত পুৱা ১০-৩০ বজাৰ পৰা দুপৰীয়া ১২বজালৈ অনুষ্ঠিত হ’ব “ ঐতিহ্য আৰু সাংস্কৃতিক পৰিচয়ৰ সন্ধানঃ প্ৰযুক্তি নিৰ্ভৰশীলতা” শীৰ্ষক আলোচনা সত্ৰ ৷ 

ইয়াত সঞ্চালকৰূপে অংশগ্ৰহণ কৰিব কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক ড° ৰাখী কলিতা মৰলে ৷ এই সত্ৰত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিব শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰা, আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক ড° ভাস্কৰজ্যোতি শৰ্মা, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ  ইংৰাজী আৰু বৈদেশিক ভাষা বিভাগৰ সহকাৰী অধ্যাপক ড° অৰূপ নাথে ৷ 

দুপৰীয়া ১২-১৫ বজাৰ পৰা বিয়লি ১-৩০ বজালৈ অনুষ্ঠিত হ’ব “অসমৰ বৈচিত্ৰময় সমাজত ব্ৰহ্মপুত্ৰ নদীৰ ভূমিকা” শীৰ্ষক কথোপকথনৰ এটি অনুষ্ঠান ৷ এই অনুষ্ঠান সঞ্চালনা কৰিব বিশিষ্ট লেখক-গৱেষক, পদ্মশ্ৰী অৰূপ কুমাৰ দত্তই ৷ 

ইয়াত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট অভিযন্তা, লেখক-গৱেষক প্ৰদীপ ভূঞা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূ-তত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° যোগেন্দ্ৰ নাথ শৰ্মা , ৰঙাপৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক, বড়ো সাহিত্য সভাৰ উপ-সভাপতি প্ৰশান্ত বড়োৱে ৷ বিয়লি ২-১৫ বজাৰ পৰা  ৩-৪৫ বজালৈ অনুষ্ঠিতব্য “পৰিৱৰ্তিত সংবাদ ক্ষেত্ৰঃ নিৰ্ভৰযোগ্যতা আৰু বিশ্বাসযোগ্যতা” শীৰ্ষক আলোচনা সত্ৰ সঞ্চালনা কৰিব “দ্য আচাম ট্ৰিবিউন”ৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱাই ৷ 

ইয়াত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট সাংবাদিক ৰূপম বৰুৱা, প্ৰাণজিৎ শইকীয়া, পৰাগমণি আদিত্য, নন্দন প্ৰতিম শৰ্মা বৰদলৈৱে ৷ বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৫-৩০ বজালৈ আলোচনা সত্ৰৰ বিষয় হৈছে “মনোৰঞ্জনৰ উৰ্ধত সমাজৰ বিচাৰধাৰা প্ৰতিষ্ঠাত চলচ্চিত্ৰৰ ভূমিকা” ৷ এই সত্ৰখন সঞ্চালনা কৰিব চলচ্চিত্ৰ সমালোচক, কবি অপৰাজিতা পূজাৰীয়ে ৷ 

ইয়াত সমল ব্যক্তিৰূপে উপস্থিত থাকিব জ্যেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা অতুল গাঙৱাৰ, জনপ্ৰিয় অভিনেতা কপিল বৰা, অৰুণাচল প্ৰদেশৰ সুদক্ষ বক্তা ডাবাং টায়েং, আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক সম্ৰাট বৰা ৷ তৃতীয় দিনা ১৫ ডিচেম্বৰৰ পুৱা ১০-৩০ বজাৰ পৰা ১১-৪৫ বজালৈ অনুষ্ঠিত হ’ব “সৃজনীমূলক সাহিত্যঃ গল্প লিখাৰ কাৰুকলা” শীৰ্ষক কৰ্মশালা ৷ 

ইয়াত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট কথাশিল্পী অতনু ভট্টাচাৰ্যই ৷ ইয়াৰ সমান্তৰালভাৱে অনুষ্ঠিত হ’বলগীয়া “অসমৰ প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণৰ সোপান” শীৰ্ষক কৰ্মশালাত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিব  বিশিষ্ট প্ৰকৃতিবিদ, লেখক সৌম্যদীপ দত্তই ৷ 

দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ১-৩০ বজালৈ অনুষ্ঠিত হ’ব “আঞ্চলিক সাহিত্য আৰু সংস্কৃতিৰ অন্বেষণঃ উত্তৰ-পূৱ ভাৰতৰ কণ্ঠ” শীৰ্ষক আলোচনা সত্ৰ ৷ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° পৰী হিলৈদাৰীয়ে সঞ্চালনা কৰিবলগীয়া এই সত্ৰত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিব ত্ৰিপুৰাৰ কবি, বিশিষ্ট লেখক অশোক দেৱ, অৰুণাচল প্ৰদেশৰ বিশিষ্ট লেখক, ৱাংচা চৰকাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক গণখু চুমনয়ন, মণিপুৰৰ কবি-গীতিকাৰ, নিবন্ধকাৰ দিলীপ মায়েংবাম, অৰুণাচলৰ ৰাজীৱ গান্ধী ক্ষেত্ৰিয় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° বম্পি ৰিবাই ৷ 

বিয়লি ২-১৫ বজাৰ পৰা ৩-১৫ বজালৈ বড়ো ভাষাৰ বিশিষ্ট কবি ৰত্নেশ্বৰ বসুমতাৰীৰ সঞ্চালনাত অনুষ্ঠিত হ’ব ভিন্নভাষী কবি সন্মিলন ৷ ইয়াত অংশগ্ৰহণ কৰিব হিন্দী, অসমীয়া, বাংলা, নেপালী, মিচিং, কাৰ্‌বি ভাষাৰ কেবাগৰাকী বিশিষ্ট কবিয়ে ৷ 

বিয়লি ৩-৩০  বজাৰ পৰা সন্ধিয়া ৫-০০ বজালৈ সাহিত্য অকাদেমি বঁটাপ্ৰাপক বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ সঞ্চালনাত অনুষ্ঠিত হ’ব স্ববোধ আৰু স্বাভিমানঃ প্ৰাগজ্যোতিষপুৰৰ সময়ৰ পৰা সাম্প্ৰতিক অসমলৈ” শীৰ্ষক আলোচনা সত্ৰ ৷ ইয়াত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিব নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য, প্ৰসিদ্ধ সাংবাদিক ড° সমুদ্ৰগুপ্ত কাশ্যপ, মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উত্তৰ পূৰ্ৱাঞ্চল অধ্যয়ন কেন্দ্ৰৰ মুৰব্বী অধ্যাপক ড° গজেন্দ্ৰ অধিকাৰী, কটন বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ সহযোগী অধ্যাপক ড° প্ৰশান্ত চক্ৰৱৰ্তীয়ে ৷ 

আনহাতে সন্ধিয়া ৫-১৫ বজাৰ পৰা ৫-৩০ বজালৈ বৰগীত পৰিৱেশন কৰিব শাস্ত্ৰীয় কণ্ঠশিল্পী শৰৎ ৰাগে ৷ সন্ধিয়া ৫-৩০ বজাৰ পৰা ৬-৩০ বজালৈ অনুষ্ঠিত হ’ব প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা-২০২৪ প্ৰদান আৰু সামৰণি অনুষ্ঠান ৷ ইয়াত মুখ্য অতিথিৰ আসন অলংকৃত কৰিব বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক ড° অমৰজ্যোতি চৌধুৰীয়ে ৷ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ-২০২৪ লৈ সকলো পক্ষৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে আয়োজক সমিতিয়ে ৷

সাহিত্য শংকৰদেৱ