'প্ৰাগজ্যোতি বক্তৃতানুষ্ঠান'ৰ আয়োজন

এইবেলিৰ বক্তৃতানুষ্ঠানটো পাটাছাৰকুছিৰ সন্তান, বাণী প্ৰকাশৰ প্রতিষ্ঠাতা, অসমৰ গ্ৰন্থ আন্দোলনৰ অন্যতম পুৰোধা ব্যক্তি প্রয়াত চক্ৰধৰ দেৱ চৌধুৰীৰ নামত উৎসর্গিত কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
অগ্ৰণী খবৰ

ডিজিটেল সংবাদ,পাটাছাৰকুছি  : বজালী জিলাৰ অন্তৰ্গত পাটাছাৰকুছিৰ অন্যতম স্বেচ্চাসেৱী -সামাজিক অনুষ্ঠান প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত তথা পাটাছাৰকুছিৰ বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগিতাত অহা ৮ মাৰ্চত ৩ সংখ্যক প্ৰাগজ্যোতি বক্তৃতানুষ্ঠান পাটাছাৰকুছিৰ বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত আয়োজন কৰা হৈছে। এইবেলিৰ বক্তৃতানুষ্ঠানটো পাটাছাৰকুছিৰ সন্তান, বাণী প্ৰকাশৰ প্রতিষ্ঠাতা, অসমৰ গ্ৰন্থ আন্দোলনৰ অন্যতম পুৰোধা ব্যক্তি প্রয়াত চক্ৰধৰ দেৱ চৌধুৰীৰ নামত উৎসর্গিত কৰা হৈছে।

Advertisment

উল্লেখযোগ্য যে বক্তৃতাৰ বিষয় : 'আমি কিয় আৰু কেনেকৈ পঢ়িব লাগে'।  বক্তৃতা প্ৰদান কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক তথা অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰী (অৱসৰী আই.এ.এছ.)য়ে।

দিনৰ ১১ বজাত আৰম্ভ হ'ব লগা এই অনুষ্ঠানত প্ৰয়াত চক্ৰধৰ দেৱ চৌধুৰীৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পন কৰিব তেখেতৰ পৰিয়ালবৰ্গৰ লোকে। অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ৰেৰা - টাংছা নগা জনজাতিৰ ভাষা ওপৰত কৰা গৱেষণাৰ সফল সমাপ্তিত সেই ভাষাটো সংৰক্ষণ কৰাৰ বাবে ৰেৰা ভাষাৰ প্ৰথমখন ব্যাকৰণ লিখি উলিয়াই ইতিহাস ৰচি পাটাছাৰকুছিৰ সন্তান হিচাপে গৌৰৱ কঢ়িয়াই অনা তথা বৰ্তমান অষ্টেলিয়াৰ মেলবৰ্ণ চহৰৰ প্ৰসিদ্ধ লা ট্ৰোব বিশ্ববিদ্যালয়ত কেজুৱেল একাডেমীক আৰু এডজাংক্ট ৰিছার্চ ফেল' হিচাপে কৰ্মৰত ড° দীপজ্যোতি গোস্বামীকো ক্লাবৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হ'ব।

PATACHARKUCHI