বিশিষ্ট সমাজকৰ্মী প্ৰফুল্ল শইকীয়াৰ বিয়োগত ধেমাজিত শোক...

সমবায় বিভাগৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ পৰিদৰ্শক প্ৰফুল্ল শইকীয়া(৬৮)ৰ বিয়োগত ধেমাজিত শোকৰ ছাঁ পৰিছে। যোৱা শনিবাৰে তেওঁ নিজ বাসগৃহতে স্বাস্থ্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে।

author-image
Asomiya Pratidin
New Update
বিশিষ্ট সমাজকৰ্মী প্ৰফুল্ল শইকীয়াৰ বিয়োগত ধেমাজিত শোক...

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি নগৰৰ ৬ নং ৱাৰ্ডৰ কোলাপথাৰৰ নিবাসী তথা সমবায় বিভাগৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ পৰিদৰ্শক প্ৰফুল্ল শইকীয়া(৬৮)ৰ বিয়োগত ধেমাজিত শোকৰ ছাঁ পৰিছে। যোৱা শনিবাৰে তেওঁ নিজ বাসগৃহতে স্বাস্থ্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে।

Advertisment

মৃত্যুৰ সময়ত প্ৰফুল্ল শইকীয়াই পত্নী পূৰ্নিমা শইকীয়া, দুজন পুত্ৰ ক্ৰমে বিভূৰঞ্জন শইকীয়া, অবিনাষ শইকীয়া আৰু দুই কন্যা ক্ৰমে লক্ষ্যহীৰা শইকীয়া, নিকুমনী শইকীয়াসহ বহু সংখ্যক আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়৷ ধেমাজি জিলাৰ বৰদলনিৰ বৰুৱাপথাৰ গাঁৱত ১৯৫৭ চনত জন্মগ্ৰহন কৰা প্ৰফুল্ল শইকীয়াই ১৯৭৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ১৯৮২ চনত অসম সমবায় কো’অপাৰেটিভ ছ’চাইটিৰ কনিষ্ঠ পৰিদৰ্শক পদত যোগদান কৰিছিল। 

তেওঁ ধেমাজিৰ জীয়াঢ়ল সমবায় সমিতি, বৰদলনি সমবায় সমিতি, পশ্চিম ধেমাজি সমবায় সমিতি, গহপুৰ, তেজপুৰ আদি বিভিন্ন ঠাইৰ সমবায় সমিতিত কনিষ্ঠ পৰিদৰ্শক হিচাপে নিষ্ঠাৰে দ্বায়িত্ব পালন কৰি অৱশেষত ২০১৬ চনত অসম চৰকাৰৰ সমবায় বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক পদলৈ পদোন্নতি লাভ কৰিছিল আৰু ২০১৭ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহন কৰে৷ সুদীৰ্ঘ ৩৫ বছৰ সমবায়ৰ কনিষ্ঠ পৰিদৰ্শক, জ্যেষ্ঠ্য পৰিদৰ্শকৰ পদত চাকৰি কৰি থকাৰ সামান্তৰালভাৱে ধেমাজিৰ লগতে জন্মস্থান বৰদলনিৰ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোতঃ ভাৱে জড়িত প্ৰফুল্ল শইকীয়াই মৃত্যু পৰ্যন্ত ধেমাজি জিলা চুতীয়া জাতি সন্মিলনীৰ উপদেষ্টা পদত কাৰ্যনিৰ্বাহ কৰি আছিল৷ 

ধেমাজি জিলা চুতীয়া জাতি সন্মিলনৰ দুটা কাৰ্যকালৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল শইকীয়াৰ আকস্মিক মৃত্যুত ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০  বুদ্ধিন্দ্ৰ বৰুৱা,  ধেমাজি জিলা চুতীয়া জাতি সন্মিলনীৰ সভাপতি ৰিজু বৰুৱা,  সম্পাদক নিপেন চুতীয়া,  বৰদলনি সমবায় সমিতি, জীয়াঢ়ল সমবায় সমিতি, বৰদলনি আঞ্চলিক ছাত্ৰ সন্থা,  জাতীয়বাদী যুৱ পৰিষদ কেন্দ্ৰীয় সমিতি সভাপতি উজ্বল চুতীয়া,  ধেমাজি প্ৰেছ ক্লাবৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা, জাতীয়বাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া, সম্পাদক ধীৰেন দিহিঙ্গীয়া, ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি ৰনজিৎ চিৰিং, সম্পাদক প্ৰেমানন্দ তালুকদাৰ,  ধেমাজি জিলা সচেতন নাগৰিক মঞ্চৰ সভাপতি নীলাম্বৰ দত্ত, সাধাৰণ সম্পাদক দিলীপ কুমাৰ হাজৰিকা,  সমাজসেৱক বাবুল সোণোৱাল, বৰদলনি আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বৰদলনিৰ লিটিল গড মডেল স্কুলৰ সঞ্চালক নৱ শইকীয়া, বৰদলনি কেন্দ্ৰীয় যুৱ মঞ্চ, বৰুৱা পথাৰ গাঁওৰ গ্ৰামসভা আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু দলসংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

সমবায় বিভাগ সমাজকৰ্মী