পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসনাঃ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব শেষকৃত্য

কিছু সময় পাছতে এপ'লো হাস্পতালৰ পৰা চানমাৰীস্থিত নিজ বাসগৃহলৈ লৈ যোৱা হ'ব তেওঁৰ নশ্বৰ দেহ। তাতেই গুণমুগ্ধ সকলে তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে দ্য আছাম ট্ৰিবিউনৰ কাৰ্যালয়তো তেওঁক শেষ শ্ৰদ্ধা জনোৱা হ'ব।

New Update
WhatsApp Image 2025-12-15 at 9.15.25 AM

ডিজিটেল সংবাদ,গুৱাহাটীঃ  আজি বিয়লি শেষকৃত্য সম্পন্ন হ'ব প্ৰৱীণ সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ। দেওবাৰে নিশা প্ৰায় ৯.৪০ বজাত গুৱাহাটীৰ এপ'লো হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল বৰুৱাই। আজি নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব।

কিছু সময় পাছতে এপ'লো হাস্পতালৰ পৰা চানমাৰীস্থিত নিজ বাসগৃহলৈ লৈ যোৱা হ'ব তেওঁৰ নশ্বৰ দেহ। তাতেই গুণমুগ্ধ সকলে তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে দ্য আছাম ট্ৰিবিউনৰ কাৰ্যালয়তো তেওঁক শেষ শ্ৰদ্ধা জনোৱা হ'ব।

বাৰ্ধক্যজনিত কাৰণত প্ৰায় এসপ্তাহ ধৰি চিকিৎসাধীন হৈ থকা পাছত ৯৪ বছৰ বয়সত মৃত্যু হয় বিশিষ্ট সাংবাদিক গৰাকীৰ। তেওঁৰ দেহাৱসানৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ সংবাদ ক্ষেত্ৰত গভীৰ শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে, আছাম ট্ৰিবিউন গোষ্ঠীৰ পৰিচালন সঞ্চালক প্রফুল্ল গোবিন্দ বৰুৱাক ২০১৮চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্রদান কৰিছিল। বৰুৱাক সাহিত্য, শিক্ষা আৰু সাংবাদিকতা শিতানত এই সন্মান প্রদান কৰা হয়।

পদ্মশ্ৰী প্রাপক প্ৰফুল্ল গোবিন্দ বৰুৱাক প্রদান কৰা স্মাৰকত আছাম ট্ৰিবিউন গোষ্ঠীৰ পৰিচালন সঞ্চালকগৰাকীক উত্তৰ পূৰ্বাঞ্চলৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ অন্যতম বৰেণ্য ব্যক্তি বুলি অভিহিত কৰা হয়।

উল্লেখ্য যে, বিশিষ্ট সাংবাদিক গৰাকীৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো শোক প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী সামাজিক মাধ্যমত প্ৰকাশ কৰে যে- "দশক দশক ধৰি অসমৰ সংবাদ ক্ষেত্ৰক মহীয়ান কৰা প্ৰবীণ সাংবাদিক তথা আছাম ট্ৰিবিউন গোষ্ঠীৰ স্বত্বাধিকাৰী, পৰিচালন সঞ্চালক, সম্পাদক মোৰ অতি শ্ৰদ্ধাৰ প্ৰফুল্ল গোবিন্দ বৰুৱা ডাঙৰীয়াৰ দেহাৱসানৰ খবৰ শুনি অতিকৈ মৰ্মাহত হ'লোঁ৷ অসমৰ সংবাদ গোষ্ঠীৰ এক বিচক্ষণ ব্যক্তিত্ব প্ৰফুল্ল গোবিন্দ বৰুৱাদেৱে আছাম ট্ৰিবিউন গোষ্ঠীৰ দ্বাৰা বাতৰিকাকতৰ এক যাউতিযুগীয়া ধাৰা সৃষ্টি কৰিছিল৷ মহীৰূহগৰাকীৰ অৱদান অসমৰ সমাজ জীৱন তথা সংবাদ ক্ষেত্ৰই চিৰদিন স্মৰণ কৰিব৷ তেখেতৰ প্ৰয়াণত সংবাদ ক্ষেত্ৰৰ এক গৌৰৱোজ্জ্বল অধ্যায়ৰ পৰিসমাপ্তি ঘটিল৷ তেখেতৰ অতনু আত্মাৰ চিৰশান্তি কামনা কৰি ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ, আছাম ট্ৰিবিউন গোষ্ঠী আৰু গুণমুগ্ধসকলক গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷

ওঁম শান্তি"

প্ৰফুল্ল গোবিন্দ বৰুৱা