চানমাৰিৰ নিজ বাসগৃহ পালেহি প্ৰফুল্ল গোবিন্দ বৰুৱাৰ নশ্বৰদেহ...

দেওবাৰে নিশা প্ৰায় ৯.৪০ বজাত গুৱাহাটীৰ এপ'লো হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল বৰুৱাই। আজি নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব।

New Update
WhatsApp Image 2025-12-15 at 10.26.50 AM

ডিজিটেল সংবাদ,গুৱাহাটীঃ  চানমাৰিস্থিত নিজ বাসগৃহ পালেহি দ্য আছাম ট্ৰিবিউন কাকতৰ পৰিচালন সঞ্চালক,পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ নশ্বৰদেহ। তেওঁক শেষ শ্ৰদ্ধা জ্ঞাপনৰ উদ্দেশ্যে ইতিমধ্যে বাসগৃহত ভিৰ কৰিছে বহু গুণমুদ্ধই।

আজি বিয়লি শেষকৃত্য সম্পন্ন হ'ব প্ৰৱীণ সাংবাদিক গৰাকীৰ। ৰাজ্যৰ সংবাদ জগতৰ এগৰাকী অন্যতম পুৰোধা ব্যক্তি প্ৰফুল্ল গোবিন্দ বৰুৱাই দেওবাৰে নিশা প্ৰায় ৯.৪০ বজাত গুৱাহাটীৰ এপ'লো হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল। আজি নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব।

প্ৰায় এসপ্তাহ ধৰি বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন হৈ থকা পাছত ৯৪ বছৰ বয়সত মৃত্যু হয় প্ৰফুল্ল গোবিন্দ বৰুৱাৰ। তেওঁৰ দেহাৱসানৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ সংবাদ ক্ষেত্ৰত গভীৰ শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে, বিশিষ্ট সাংবাদিক গৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা,কেবাগৰাকী কেবিনেট মন্ত্ৰী,বিধায়কৰ লগতে বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰে। 

প্ৰফুল্ল গোবিন্দ বৰুৱা