/asomiyapratidin/media/media_files/2025/03/09/MIhoQCOfUz5tVPeN10uX.jpg)
ডিজিটেল সংবাদ শিলচৰ: সততে বৰাক - ব্ৰহ্মপুত্ৰ উপত্যকাক লৈ বিভাজনমুখী ৰাজনীতি কৰা বৰাকৰ বিতৰ্কিত নেতা প্ৰদীপ দত্ত ৰয় পুনৰ সৰৱ হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। এইবাৰ মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে প্ৰদীপ দত্ত ৰয়।
বৰাকৰ শিক্ষিত যুৱক যুৱতী সকলক চাকৰিৰ পৰা বঞ্চিত কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ যুৱক যুৱতীক বৰাকৰ বিভিন্ন বিভাগত চাকৰি দিয়া বুলি অভিযোগ বৰাক ডেমক্ৰেটিক ফ্ৰন্ট চমুকৈ BDFৰ নেতা গৰাকীৰ। বৰাক উপত্যকাৰ ৬ লাখ শিক্ষিত নিবনুৱাই এটা চাকৰিৰ বাবে হাহাকাৰ কৰাৰ সময়তে ব্ৰহ্মপুত্ৰ উপত্যকাৰ যুবক যুৱতীক বৰাকৰ বিভিন্ন চৰকাৰী চাকৰিত নিযুক্তি দিছে বুলি বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিযোগ প্ৰদীপ দত্ত ৰয়ৰ।
অথচ,তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিভিন্ন পদত বৰাকৰ স্হানীয় যুৱক যুৱতীক নিযুক্তি দিব বুলি খোদ মুখ্যমন্ত্ৰীয়ে শিলচৰত সদম্ভে ঘোষনা কৰিছিল । কিন্তু বৰাকৰ নিবনুৱা সকলক বঞ্চিত কৰি সম্প্ৰতি ব্ৰহ্মপুত্ৰ উপত্যকাৰ যুৱক যুৱতীক বৰাকৰ বিভিন্ন কাৰ্যলয়ত অভিযন্তাৰ পৰা চতুৰ্থ বৰ্গৰ পদত নিযুক্তি দিয়া বুলি অভিযোগ প্ৰদীপ দত্ত ৰয়ৰ।
তদুপৰি,হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত প্ৰদান কৰা এক লাখ চাকৰিৰ ভিতৰত বৰাকৰ মাত্ৰ ১২০০ যুৱক যুৱতীয়েহে চাকৰি লাভ কৰিছে। এইদৰে বৰাকৰ যুৱক যুৱতীক চাকৰিৰ পৰা বঞ্চিত কৰিলে এদিন এই সকল যুৱক যুৱতীয়ে হাতত অস্ত্ৰ তুলি ল'বলৈ বাধ্য হোৱাৰ লগতে পৃথক বৰাক গঠনৰো দাবী উত্থাপন কৰিবলৈ বাধ্য হ'ব বুলি চৰকাৰক হুচিয়াৰী প্ৰদান কৰে প্ৰদীপ দত্ত ৰয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us