/asomiyapratidin/media/media_files/2025/08/01/ap-for-dfydry-2025-08-01-11-36-11.jpg)
ডিজিটেল ডেস্ক : দেশৰ কৃষিখণ্ডৰ আমূল পৰিৱৰ্তন সাধন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত শেহতীয়াকৈ অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনাৰ বাবে ৬,৫২০ কোটি টকা ব্যয়ত অনুমোদন জনায়।
উল্লেখযোগ্য যে, এই অনুমোদন ১৫ সংখ্যক বিত্ত আয়োগৰ চক্ৰৰ বাবে প্ৰযোজ্য হ’ব। অৰ্থাৎ ২০২১-২২ৰ পৰা ২০২৫-২৬ লৈকে। তাৰোপৰি এই যোজনাৰ ভিতৰত অতিৰিক্ত ১৯২০ কোটি টকা ধাৰ্য্য কৰিছে কেন্দ্ৰীয় চৰকাৰে।
এই প্ৰকল্পৰ দ্বাৰা ১০০০ কোটি টকা ব্যয়ৰে ৫০টা মাল্টি-প্ৰডাক্ট ফুড ৰেডিয়েচন ইউনিট আৰু ১০০টা এনএবিএল স্বীকৃতিপ্ৰাপ্ত খাদ্য পৰীক্ষণ লেব স্থাপন কৰা হ’ব। এই ইউনিট আৰু লেবসমূহ সংহত শীতল আৰু মূল্য সংযোজন আন্তঃগাঁথনি চমুকৈ আই চি চি ভি এ আই আৰু খাদ্য সুৰক্ষা তথা গুণগত নিশ্চয়তা আন্তঃগাঁথনি চমুকৈ এফ এছ কিউ এ আই উপাদানৰ অন্তৰ্গত হ’ব।
একেদৰে বাকী ৯২০ কোটি টকা পিএমকেএছৱাইৰ অন্যান্য প্ৰকল্পৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি কেবিনেটে জনায়। তাৰোপৰি এই প্ৰস্তাৱসমূহ আঁচনিৰ নিৰ্দেশনা অনুসৰি পৰ্যালোচনা কৰা হ’ব বুলি কেবিনেটে স্পষ্ট কৰি দিয়ে।