৩০ বছৰে যোৰপাত সংগ্ৰহ কৰিছে ধুবুৰীৰ প্ৰদীপ ঘোষে

ধুবুৰীৰ শিল্পী তথা প্ৰকৃতিপ্ৰেমী প্ৰদীপ ঘোষে বিভিন্ন ফল-মূলৰ গছকে ধৰি বট গছৰ মূল্যৱান যোৰপাত সংগ্ৰহ কৰি গছ-গছনিৰ গুৰুত্বৰ বিষয়ে ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰয়াস কৰিছে।

author-image
Asomiya Pratidin
New Update
dgfdgfdf

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ শিল্পী তথা প্ৰকৃতিপ্ৰেমী প্ৰদীপ ঘোষে বিভিন্ন ফল-মূলৰ গছকে ধৰি বট গছৰ মূল্যৱান যোৰপাত সংগ্ৰহ কৰি গছ-গছনিৰ গুৰুত্বৰ বিষয়ে ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰয়াস কৰিছে।

Advertisment

ধুবুৰী চহৰৰ পাঁচমোৰ এলেকাৰ এইগৰাকী প্ৰকৃতিপ্ৰেমীয়ে প্ৰায় ৩০ বছৰতকৈও অধিক সময় ধৰি আম, জাম, লিচু, কঁঠাল, নেমু, বট গছ আদিকে ধৰি বিভিন্ন গছ-গছনিৰ যোৰ পাত সংগ্ৰহ কৰি সযত্নে নিজ ঘৰত সংৰক্ষিত কৰি ৰাখিছে। তেওঁ যোৰপাত সমূহ সংৰক্ষণ কৰাৰ উপৰিও স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ মাজত গছ-গছনিৰ গুৰুত্বৰ বিষয়েও সজাগতা অনাৰ প্ৰয়াস চলোৱা দেখা গৈছে। 

ধুবুৰী