/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/be01c50d-c44b-43b8-b794-da790b189af7/5672cd36-7406-4a75-9d4e-05bd2367b0f5.jpg)
ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ কেন্দ্ৰীয় চৰকাৰ বৈদেশিক আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে দ্বায়িত্ব পোৱাৰ পাছত আজি পোনপ্ৰথমবাৰৰ বাবে গৃহ সমষ্টি মাৰ্ঘেৰিটাত উপস্থিত হ'ল পবিত্ৰ মাৰ্ঘেৰিটা ।
মাৰ্ঘেৰিটাৰ মাকুমকিল্লা অঞ্চলৰ বান পৰিস্থিতি বুজ লোৱাৰ লগতে মাৰ্ঘেৰিটা নগৰত স্থাপন কৰা দুটাকৈ বানশিবিৰ পৰিৰ্দশন কৰে পৱিত্ৰ মাৰ্ঘেৰিটাই। তেওঁক স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা, মাৰ্ঘেৰিটা মহকুমাধিপতিকে ধৰি প্ৰশাসনিক বিষয়াসকলে সংগ দিয়ে। অন্যহাত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই গৃহ সমষ্টিত প্ৰবেশ কৰি প্ৰথমে মাকুমপথাৰস্থিত নিজা বাসগৃহলৈ যায় আৰু তাৰ পাছতে বিজেপিৰ মাৰ্ঘেৰিটা কাৰ্যালয়লৈ উপস্থিত হয়।
সংবাদমাধ্যমৰ এক প্ৰশ্নত পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে শেহতীয়াকৈ অসমত হোৱা ভয়ংকৰ বানপানী মোকাবিলা কৰিবৰ বাবে মুখ্যমন্ত্ৰী নেতৃত্বত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বান সাহায্য বিতৰণ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us