পৰ্বতঝোৰাত তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম আদানীক দিয়াক লৈ ৰাইজৰ প্ৰতিবাদ...

পৰ্বতঝোৰাৰ বাশবাৰীত তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মানৰ বাবে আদানী গ্রুপক ভূমি দিয়াক লৈ সৰৱ অল্টাৰনেটিভ পাৰ্টি অব বড়োলেণ্ডৰ সভানেত্ৰী অঞ্জলী দৈমাৰী।

author-image
Asomiya Pratidin
New Update
dxededeeed

ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ  পৰ্বতঝোৰাৰ বাশবাৰীত তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মানৰ বাবে আদানী গ্রুপক ভূমি দিয়াক লৈ সৰৱ অল্টাৰনেটিভ পাৰ্টি অব বড়োলেণ্ডৰ সভানেত্ৰী অঞ্জলী দৈমাৰী। বাশবাৰীত আদানী গ্রুপক বিটিআৰ চৰকাৰে তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মানৰ বাবে ৩ হাজাৰ বিঘা ভূমি দিয়াক লৈ আজিও অব্যাহত আছে ৰাইজৰ প্ৰতিবাদ।

Advertisment

শেহতীয়াকৈ পৰ্বতঝোৰাত আদানী গ্রুপক মাটি হস্তান্তৰ কৰাকলৈ বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন ৰাজনৈতিক দলেও প্ৰতিবাদী সভা অনুষ্ঠিত কৰি চৰকাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়তে বাসবাৰী পাগলীঝোৰাত উপস্থিত হয় অল্টাৰনেটিভ পাৰ্টি অব বড়োলেণ্ডৰ সভা নেত্ৰী অঞ্জলি দৈমাৰী।

দৈমাৰীৰ মতে ষষ্ঠ অনুসূচীত এলেকাত সংবিধান অনুসৰি ভাৰত চৰকাৰেও ইয়াত হস্তক্ষেপ কৰিব নোৱাৰে কিন্তু তেনে প্ৰেক্ষাপটত স্থানীয় কোনো দল সংগঠনৰ সৈতে আলোচনা নকৰি বহিৰাগত লোকক মাটি দিব আৰু ইমান এটা ডাঙৰ প্ৰজেক্টৰ বাবে কেনেকৈ এই সিদ্ধান্ত ললে বুলিও প্ৰশ্ন উত্থাপন কৰে।

ইফালে আকৌ তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মান হলে বহু নিবনুৱা যুৱকৰ ইয়াত চাকৰী পাব বুলি প্ৰমোদ বড়োই কৰা মন্তব্যক লৈ কয় যে বড়ো ডাঙৰীয়াই কোৱাৰ ধৰণে কামৰ আৰম্ভণিতে ১৮ পৰা ২০ হাজাৰ যুবকৰ চাকৰী হব আৰু ইয়াৰ কাম সম্পূৰ্ণ হলে ৮ পৰা ৯ হাজাৰ যুৱকৰ চাকৰী পাব আচলতে প্ৰমোদ বড়োই APDCL ৰ লগত কোনো চুক্তিৱদ্ধ কৰিছে নেকি যদি কৰিছে তেন্তে সেয়া ৰাইজৰ আগত দেখুৱাই দিয়ক এনেই ৰাইজক ফাকি দিলে নহব। লগতে সভানেত্ৰী গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় আমাক ৰাইজৰ ক্ষতি হোৱা উন্নয়ন নালাগে।

পৰ্বতঝোৰা