/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/36c26d34-7894-4e0c-9bbd-173b2cff078d/NHPC_24.jpg)
NHPC
ডিজিটেল সংবাদ গেৰুকামুখঃ ৰুষ্ট প্ৰকৃতি ৷ গেৰুকামুখৰ বৃহৎ নদী বান্ধত ভয়ংকৰ ভূমিস্খলন। কাহানিও নোহোৱা নোপজা ঘটনা সংঘটিত হৈছে গেৰুকামুখৰ পাহাৰত ৷ ভূমিস্খলনৰ ফলত তচনচ হৈছে বিতৰ্কিত জলবিদ্যুৎ প্ৰকল্পটোৰ ডাইভাৰ্চন টানেল আৰু পথ ৷
ডাইভাৰ্চন টানেলৰ সন্মুখৰ এখন গেট ধ্বংস হৈছে ভূমিস্খলনৰ ফলত ৷ যেন প্ৰকৃতিৰ কোপদৃষ্টিহে পৰিছে বিতৰ্কিত নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত ৷ গেৰুকামুখৰ পাহাৰত হোৱা ভয়ংকৰ ভূমিস্খলনত এতিয়া দিকবিদিক হেৰুৱাবলগীয়া হৈছে নিৰ্মাণ সংস্হা এন এইচ পি চি য়ে ৷
যোৱা কিছু দিন বিতৰ্কিত নদী বান্ধটোত ইটোৰ পিছত সিটো অথন্তৰ ঘটিয়েই আছে ৷ কেতিয়াবা যদি টানেলৰ ছাদ খহি শ্ৰমিক মৰিছে, কেতিয়াবা শ্ৰমিক বিদ্যুতস্পৃষ্ট হৈছে ৷ কেতিয়াবা আকৌ টানেল ভাগি পথ বিধ্বস্ত হৈছে ৷ চলিত বৰ্ষৰ মে’ মাহৰ পৰা গেৰুকামুখত এজাক বৰষুণতে ভয়ংকৰ কেতবোৰ ঘটনা সংঘটিত হৈ আহিছে ৷
বৰষুণৰ ফলত গেৰুকামুখৰ ঠুনুকা পাহাৰত ভয়ংকৰ ভূমিস্খলন হৈছে আৰু এতিয়া সেই পাহাৰটো চপৰা চপৰে খহিবলৈ আৰম্ভ কৰিছে ৷ ফলত অক্টোবৰ মাহতে নিৰ্মাণ কাৰ্য সংঘটিত হ’বলগীয়া বান্ধটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ সময় অহা জানুৱাৰী মাহলৈকে পিছুৱাই যোৱাৰ সম্ভাৱনা প্ৰকট হৈছে ৷
ফলত নিৰ্ধাৰিত সময়ত যে, এই বান্ধৰ পৰা বিজুলী উৎপাদন নহ’ব সেই কথাও প্ৰায় নিশ্চিত হৈছে ৷ উল্লেখ্য যে, গেৰুকামুখৰ বিতৰ্কিত বৃহৎ নদী বান্ধটো আজি স্বচক্ষে এই প্ৰতিবেদকে পৰ্যৱেক্ষণ কৰে ৷ পৰিদৰ্শন কালত বিতৰ্কিত জলবিদ্যুৎ প্ৰকল্পটোৰ মূল বান্ধৰ প্ৰায় ৯০ শতাংশ নিৰ্মাণ কাৰ্য দেখিবলৈ পোৱাৰ বিপৰীতে বৃহৎ নদীবান্ধটো পৰিৱেষ্টিত পাহাৰটোত ভয়ংকৰ ভূমিস্খলন দেখিবলৈ পোৱা যায় ৷
ইয়াৰোপৰি বান্ধটোলৈ যোৱা পথটো অ’ত ত’ত ধাৰাবাহিক ভূমিস্খলনৰ প্ৰভাৱ প্ৰকট হয়৷ ২ নং ডাইভাৰ্চন টানেলটো ভূমিস্খলনত তচনচ হোৱাৰ বিপৰীতে ভিউ পইন্টলৈ যোৱা পকী পথচোৱাৰ চিন মোকাম নোহোৱা হয় ৷ নিৰ্মীয়মাণ মূল বান্ধটোৰ ওপৰৰে তড়িৎ গতিত কেইবাফুট উচ্চতাৰে সোৱণশিৰিৰ জলপ্ৰৱাহ বৈ আহে ৷
এই বৈ অহা জলপ্ৰৱাহে নদীখনৰ নামনিত বিস্তৰ ক্ষতিসাধন কৰিছে ৷ ভূমিস্খলন মূল বান্ধৰ কাষতে ভয়াৱহ ৰূপত দেখিবলৈ পোৱা গৈছে ৷ প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তাই এক আছুতীয়া সাক্ষাৎকাৰত এই প্ৰতিবেদকক অৱগত কৰে যে, নিৰ্ধাৰিত সময়তকৈ পলমকৈ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিদ্যুৎ উৎপাদনৰ বাবে সাজু হৈ উঠিব ৷
পিছে বিষয়াগৰাকীৰ মতে গেৰুকামুখৰ পাহাৰত হোৱা ভূমিস্খলন এক স্বাভাৱিক ঘটনা ৷ আমি প্ৰতিবছৰে এনে চেলেঞ্জৰ সন্মুখীন হওঁ আৰু বিকল্প উপায় নিৰ্মাণ কাৰ্য আগুৱাবলৈ অৱলম্বন কৰো ৷ আকোৰগোঁজ স্হিতি লৈ বিষয়াগৰাকীয়ে কয় “ আমি গ্ৰীণ টিবিউনেলৰ ৰায়দান লৈ কাম কৰিছো ৷ উচ্চতম ন্যয়ালয়ে বান্ধটো সুৰক্ষিত বুলি কৈছে৷ আমি বিশেষজ্ঞৰ মতামতক সন্মান জনাইছো আৰু পৰামৰ্শ গ্ৰহণ কৰি বান্ধটোৰ কিছু নক্সাৰ সালসলনি ঘটাই সেই পৰামৰ্শ কাৰ্যকৰী কৰিছো ৷
বান্ধটো সুৰক্ষিত বুলি দাবী কৰি বিষয়াগৰাকীয়ে আৰু কয় “ বান্ধ নাভাগে ,বান্ধৰ একো নহয় কিন্তু পাহাৰৰ কথা নাজানো । ” অথাৎ সোৱণশিৰি প্ৰকল্পৰ কাৰ্যকৰী সঞ্চালকৰ মতে গেৰুকামুখৰ ঠুনুকা পাহাৰত সংঘটিত ভূমিস্খলনে বিপদ ঘটালেও তাৰ বাবে দায়বদ্ধ নহয় এন এইচ পি চি ৷
এন এইচ পি চি দায়বদ্ধ হ’ব কেৱল নদী বান্ধটোৰ ক্ষেত্ৰতহে ৷ বিষয়াগৰাকীৰ মতে গেৰুকামুখত এইবাৰ সৰ্বোচ্চ ৫৫০০ মিঃমি বৰষুণ হৈছে ৷ এদিনত গড়ে ১৯০ মিঃমিঃ বৰষুণৰ পৰিমাণ বাঢ়িছে ৷ যিটো দেশৰ ক্ষেত্ৰত বিৰল ঘটনা ৷ সেইবাবে নিৰ্মাণ কাৰ্যত কিছু বাধাৰ সূচনা হ’ল আৰু আগন্তুক জানুৱাৰীৰ সলনি মাৰ্চতহে বিজুলী উৎপাদন হ’ব দুটা ইউনিট মুঠ ৫০০ মেগাৱাট গেৰুকামুখৰ পৰা ।
বতৰ যদি আগন্তুক তিনিমাহত অনুকূল হয় তেন্তে ২০০০ মেগাৱাট উৎপাদনৰ কামো আগবাঢ়িব ৷ সেই লক্ষ্য আগত ৰাখিয়েই নিতৌ সাত হাজাৰ শ্ৰমিকক নিয়োজিত কৰা হৈছে ৷ প্ৰকল্পটোত প্ৰথমে আঠটা ইউনিটৰ দুটা ইউনিট ব্যৱহাৰ কৰি প্ৰথম পৰ্যায়ত প্ৰতিটো ইউনিটৰ পৰা ২৫০ মেগাৱাট কৈ মুঠ পাঁচশ মেগাৱাট বিজুলী উৎপাদন কৰিব ৷ ইয়াৰ পাছত প্ৰতি তিনি মাহত এটা ইউনিট কৈ বঢ়াই গৈ ২০২৩ চনৰ ভিতৰত ২০০০ মেগাৱাট জলবিদ্যুৎ উৎপাদনৰ লক্ষ্য সাৰ্থক কৰিব এন এইচ পি চি য়ে ৷ অহা বাৰিষাত আমি ৰিজাৰ্ভৰত পানী আৱদ্ধ কৰিম ৷ এখন ৱাটাৰ ৰেগুলেশ্বন বৰ্ডে ৰিজাৰ্ভৰ পানী মনিটৰিং কৰিব ৷ ”
প্ৰণিধানযোগ্য যে বৃহৎ নদী বান্ধ বিৰোধী আন্দোলনৰ ফলত যোৱা এটা দশক ধৰি বিতৰ্কিত নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ পিছুৱাই গ’ল ৷ লখিমপুৰ, ধেমাজি , মাজুলীৰ ৰাইজৰ সহযোগত অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতি, ড° সমূজ্বল ভট্টাচাৰ্যৰ নেতৃত্বত আছু ,এজেৱাইচিপি আদি সংগঠনৰ নেতৃত্বত ৰাজ্যৰ প্ৰায় ত্ৰিশটাতকৈও অধিক সংগঠনে যোৱা কুৰি বছৰে বৃহৎ নদী বান্ধ আৰু সোৱণশিৰি প্ৰকল্প বন্ধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে।
নদী বান্ধৰ বিৰুদ্ধে আন্দোলন কৰি বহু নেতাৰ উৎপত্তি হ’ল আৰু কেতবোৰ ৰাজনৈতিক নেতা হ’ল ৷ কিন্তু অলপতে কেন্দ্ৰীয় শক্তি মন্ত্ৰীয়ে চলিত বৰ্ষৰ শেষত বা জানুৱাৰীৰ পৰা সোৱণশিৰি বান্ধৰ পৰা বিদ্যুত উৎপাদন হ’ব বুলি কোৱাৰ পাছতেই বৃহৎ নদী বান্ধ বিৰোধী আন্দোলনৰ নাম গোন্ধ নোহোৱা হ’ল ৷
ৰহস্যজনক ভাৱে মৌন হ’ল নদীবান্ধ আন্দোলনক লৈ ক্ৰেডিট লোৱা বৰ্তমানৰ বিধায়ক অখিল গগৈ ৷ যোৱা দুবছৰত অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বৃহৎ নদী বান্ধৰ বিৰুদ্ধে সক্ৰিয় ৰূপত অৱতীৰ্ণ নোহোৱাৰ অভিযোগ উত্থাপন হৈছে ৰাইজৰ মাজত ৷ ঘনে ঘনে নদীখনৰ নামনিত বসবাস কৰা ৰাইজৰ জীৱন সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰা জাতীয় দল সংগঠনৰ মুখ বোৰ বন্ধ হ’ল ৷
সম্প্ৰতি গেৰুকামুখৰ প্ৰকৃতিয়ে বাৰম্বাৰ সোঁৱৰাই দিছে যে গেৰুকামুখত বৃহৎ নদী বান্ধ সম্ভৱ নহয় ৷ বিশেষজ্ঞৰ মতামতক প্ৰমাণ কৰি এজাক বৰষুণতে চপৰা চপৰে খহিছে গেৰুকামুখৰ ঠুনুকা পাহাৰ ৷ পাহাৰটোত এন এইচ পি চি য়ে সংস্হাপন কৰা পাঁচটা ডাইভাৰ্চন টানেলৰ দুটা ইতিমধ্যে ভূমিস্খলনত বন্ধ হৈছে ৷
আন তিনিটা টানেলেৰে সোৱণশিৰিৰ বিশাল জলৰাশিৰ পৰিবহনত বাধাপ্ৰাপ্ত হৈছে ফলত নিৰ্মীয়মাণ মূল বান্ধটোৰ ওপৰেদি হোৰাহোৰে বাঢ়িছে সোৱণশিৰিৰ পানী ৷ এনে প্ৰেক্ষাপটত মাৰ্চ মাহত সোৱণশিৰি প্ৰকল্পৰ পৰা বিজুলী উৎপাদন হলে কি হ’ব নদীখনৰ নামনিত বসবাস কৰা পাঁচখন জিলাৰ ৰাইজৰ জীৱন সম্পত্তিৰ নিৰাপত্তা ?
প্ৰতি ছেকেণ্ডত প্ৰায় ডেৰলাখ ঘনমিটাৰ পানী আৱদ্ধ হোৱা ৰিজাৰ্ভৰৰ ভৰ গেৰুকামুখৰ ঠুনুকা পাহাৰে বহন কৰিব পাৰিবনে ? বান্ধ নাভাঙিলে পাহাৰ ভাঙি অঘটন ঘটিব নেকি? সুদুত্তৰ নাই এন এইচ পি চি আৰু চৰকাৰৰ হাতত ।