গাঁৱত বৃদ্ধি পাইছে দৰিদ্ৰৰ সংখ্যা…

গাঁৱত বৃদ্ধি পাইছে দৰিদ্ৰৰ সংখ্যা…

author-image
asomiyapratidin
New Update
গাঁৱত বৃদ্ধি পাইছে দৰিদ্ৰৰ সংখ্যা…

ডিজিটেল ডেস্ক: গাঁৱত বৃদ্ধি পাইছে দৰিদ্ৰৰ সংখ্যা। বিশ্ব বেংকৰ এক গৱেষণাৰ প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি ভাৰতত ২০১১ চনৰ পৰা ২০১৯ চনলৈ ভাৰতত ডাল দৰিদ্ৰৰ সংখ্যা ১২.৩ শতাংশলৈ হ্ৰাস পাইছে।

Advertisment

অৱশ্যে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ কোনো অৰ্থনৈতিক আঁচনি বা প্ৰকল্পৰ বাবে ডাল দৰিদ্ৰতা হ্ৰাস পোৱা নাই। অতি দৰিদ্ৰতা হ্ৰাসৰ কাৰণ কেন্দ্ৰীয় চৰকাৰৰ বিনামূলীয়া খাদ্য যোগান আঁচনিহে বুলি উল্লেখ কৰিছে প্ৰতিবেদনত।

প্ৰতিবেদন অনুসৰি ২০১১ চনৰ পৰা ২০১৯ চনলৈ গ্ৰামাঞ্চলত দৰিদ্ৰতা ২০১১ চনৰ ২৬.৩শতাংশৰ পৰা ২০১৯ চনত ১১.৬ শতাংশ হয়। লগতে নগৰ অঞ্চলত ইয়াৰ পৰিমাণ ১৪.২ শতাংশৰ পৰা ৬.৩ শতাংশ হয়গৈ।

অৱশ্যে কেন্দ্ৰৰ বিনামূলীয়া খাদ্য যোগান আঁচনিৰ বাবে দেশত দৰিদ্ৰতা হ্ৰাস পালেও অন্য কাৰণত বৃদ্ধি পাইছে। বিশ্ববেংকৰ প্ৰতিবেদন অনুসৰি ২০১৬ চনত বিমুদ্ৰাকৰণৰ ফলত গ্ৰামাঞ্চলত দৰিদ্ৰতাৰ সংখ্যা ২ শতাংশ বৃদ্ধি আৰু ২০১৯ চনত অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে গ্ৰামাঞ্চলত ১০ শতাংশ দৰিদ্ৰতা বৃদ্ধি পায়। উল্লেখ্য যে যি সকল লোকৰ জীৱন নিৰ্বাহত ১৪৪.৪০ টকাতকৈ কম ব্যয় হয় তেওঁলোকক ডাল দৰিদ্ৰ বুলি বিশ্ববেংকে সংজ্ঞাভুক্ত কৰিছে।

আৰু পঢ়ক: নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব সুৰেশ বৰাক

world bank poverty i india