/asomiyapratidin/media/media_files/2025/06/21/sfsdfsdf-2025-06-21-21-20-38.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ সদ্যঘোষিত নীট ইউজি, জেইই মেইন আৰু জেইই এডভান্স ২০২৫ৰ পৰীক্ষাত পুনৰ উজলিল পটেনচিয়েল আৰু কনচেপ্ট এডুকেচন। এইবাৰৰ ফলাফলত প্ৰতিষ্ঠানটোৱে পুনৰ এবাৰ অসাধাৰণ ফলাফলেৰে উত্তৰ-পূৰ্বাঞ্চলত নিজৰ আধিপত্য প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
এইবাৰ চাৰিজন ছাত্রয়ে নীট ইউজিৰ জেনেৰেল কেটেগেৰীত সৰ্বভাৰতৰ প্ৰথম ৩৫০০-ৰ ভিতৰত স্থান লাভ কৰি প্ৰতিষ্ঠানলৈ গৌৰৱ কঢ়িয়াইছে। তন্ময় মজুমদাৰে ১৪৮০ নং স্থান (স্ক'ৰ- ৫৯৯), জাফৰিয়াৰ আশিফে ২৫৭৬ নং স্থান (স্ক'ৰ- ৫৮৭), দিশান্ত কুমাৰে ৩২৫৩ নং স্থান (স্ক'ৰ- ৫৮২), বিবেক পখৰেলে ৩২৭২ নং স্থান (স্ক'ৰ: ৫৮২) পাবলৈ সক্ষম হৈছে।
ইয়াৰ উপৰিও, ৫০ জনৰো অধিক ছাত্রই শীৰ্ষ ৫০০০ৰ ভিতৰত স্থান লাভ কৰিছে। একেদৰে, ২০০জনৰো অধিক ছাত্র-ছাত্রী এইমছ আৰু অন্য চৰকাৰী মেডিকেল কলেজত স্থান লাভ কৰাৰ সম্ভাৱনাত আছে।
ইফালে, জেইই মেইন ২০২৫ৰ গৌৰৱজনক ফলাফল কৰিবলৈ সক্ষম হৈছে প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীয়ে। তন্ময় মজুমদাৰ আৰু জয়িষ্ণু শর্মায়ে জেইই মেইন ফিজিক্সত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ৫জন ছাত্র-ছাত্রীয়ে ৯৯ শতাংশৰ ওপৰত স্ক'ৰ কৰিছে। একদৰে ১৩ জনে ৯৮ শতাংশৰ ওপৰত, ৪৫ জনে ৯৫ শতাংশৰ ওপৰত, প্ৰায় ১০০ জনে ৯০ শতাংশৰ ওপৰত স্ক'ৰ কৰিছে।
আনহাতে, জেইই এডভান্স ২০২৫ৰ ফলাফলত প্রয়াশ বৰুৱাই ৪২৯২ স্থান, জয়িষ্ণু শর্মাই ৫৭৩৬ স্থান, ৰাজ আহমেদে ৮৩৪৭ স্থান, ৰতন মাহাতোৱে ৭৮২৪৯ নং স্থান লাভ কৰিছে। উল্লেখযোগ্য যে, বিগত ১৬বছৰে পটেনচিয়েল আৰু কনচেপ্ট এডুকেচনে নীট আৰু জেইইৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলত অগ্রণী শিক্ষানুষ্ঠান হিচাপে নিজৰ স্থান অটুট ৰাখিছে। ৪ বাৰ নীটৰ উত্তৰ-পূব টপাৰ, ৬বাৰ জেইই উত্তৰ-পূব টপাৰৰ স্থান দখল কৰিছে শিক্ষানুষ্ঠানখনৰ ছাত্র-ছাত্রীয়ে।