/asomiyapratidin/media/media_files/2025/12/10/whatsapp-ima-2025-12-10-13-30-43.jpeg)
ডিজিটেল ডেস্কঃ খানাপাৰা খেলপথাৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ কনচাৰ্টৰ সময়ত এক অতিকে নিন্দনীয় ঘটনা সংঘটিত হয়। কনচাৰ্ট চাবলৈ অহা বিদেশী মহিলাৰ সৈতে অসমৰ এজন যুৱকে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, কনচাৰ্ট চলি থকা ভিৰৰ মাজতে কেবাজনো যুৱকে বিদেশী মহিলাগৰাকীৰ প্ৰতি অশালীন আচৰণ কৰে। নিজকে অসুৰক্ষিত অনুভৱ কৰি কনচাৰ্ট আৰম্ভ হোৱা ১০ মিনিট পাছতে বাহিৰলৈ ওলাই আহে যুৱতীগৰাকী। তাৰোপৰি সামাজিক মাধ্যমত গুৱাহাটীত কনচাৰ্টৰ অভিজ্ঞতাক দুঃস্বপ্ন আখ্যা দিয়ে ভুক্তভোগী বিদেশী যুৱতীগৰাকীয়ে।
উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিবলৈ অহা কেইবাগৰাকী বিদেশী পৰ্যটক সেইদিনা খানাপাৰাত অনুষ্ঠিত হোৱা প'ষ্ট মেলন সংগীত অনুষ্ঠান চাবলৈ গৈছিল। অনুষ্ঠান আৰম্ভ হোৱা পাছতে পৰিৱেশ নিয়ন্ত্ৰণহীন হৈ পৰে। অসমৰ যুৱকে বিদেশী যুৱতীৰ গাত হাত দিয়া কাণ্ডই এতিয়া লজ্জিত কৰিছে অসমৰ লগতে সমগ্ৰ ভাৰতীয়ক।
ইতিমধ্যে সামাজিক মাধ্যমত এই ভিডিঅ' ভাইৰেল হৈ পৰিছে। এনে ধৰণৰ ঘটনা সংঘটিত হোৱাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমৰ যুৱকে বিদেশী আলহীৰ প্ৰতি কৰা এনে অশালীন ব্যৱহাৰৰ বাবে কঠোৰ ভাষাৰে নিন্দা জনাইছে। বিশেষকৈ, যি সময়ত ৰাজ্যখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ সংস্কৃতি আৰু আতিথ্যৰ সু-নাম বিয়পাবলৈ চেষ্টা কৰি আছে, তেনে সময়তে এনে কাৰ্যই ৰাজ্যৰ ভাবমূৰ্তিৰ প্ৰতি এক ডাঙৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে।
বহু সামাজিক কৰ্মী আৰু শিক্ষাবিদে এই ঘটনাটোক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু যুৱ সমাজৰ মাজত নৈতিকতা আৰু সন্মানৰ শিক্ষা প্ৰদানৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us