/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/Porn-1-copy.jpg)
♦ডি জে ধনন্তৰি
আপুনি কিমান ভাল? এই প্ৰশ্ন আমি আপোনাক কৰিব বিচৰা নাই। নিজেই নিজক সুধিবলৈহে আহ্বান জনাইছো। 'পৰ্ণ চোৱাতো বেয়া। ভাল মানুহে পৰ্ণ নাচায়।'-আমাৰ দেশত এনে ধৰণৰ ধাৰণাই বিদ্যামান। নীলা ছবি চোৱা দেশসমূহৰ ভিতৰত ৩য় স্থানত থকা ভাৰতৰ প্ৰাপ্তবয়স্ক নাগৰিক হিচাপে ভাৰতীয় ধাৰণামতে আপুনি-মই ভাল নে বেয়া সেয়া নিজেহে জানিব পাৰিম।
ভাল-বেয়াৰ ধাৰণা স্থান-কাল ভেদে সুকীয়া সুকীয়া। সি যি নহওক এতিয়া আহিছো মূল কথালৈ। ২৮ ছেপ্টেম্বৰত এক নিৰ্দেশ প্ৰদান কৰে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে। নিৰ্দেশটোত দেশৰ ইন্টাৰনেট ছাৰ্ভিছ প্ৰভাইডাৰসকলক মুঠ ৮২৭টা পৰ্ণ ৱেবছাইট ব্লক কৰিবলৈ কয় আদালতে। এই সন্দৰ্ভত তথ্য-সংযোগ বিভাগক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈকো ন্যায়ালয়ে আদেশ প্ৰদান কৰে। ন্যায়ালয়ৰ এই আদেশৰ পিছতে তৎপৰ হৈ পৰে কেন্দ্ৰ চৰকাৰৰ সংশ্লিষ্ট বিভাগ।
চৰকাৰে দেশৰ প্ৰতিটো ইন্টাৰনেট ছাৰ্ভিছ প্ৰভাইডাৰক নীলা ভিডিঅ' সংলগ্ন ৱেবছাইটসমূহ যাতে উপভোক্তাই এক্সেছ কৰিব নোৱাৰে তাৰ বাবে ব্লক কৰি দিবলৈ জাননী প্ৰেৰণ কৰে। উক্ত জাননী লাভ কৰাৰ পিছতে পোনপ্ৰথমে সেয়া কাৰ্যকৰী কৰে সমগ্ৰ ভাৰতৰ ইণ্টাৰনেটৰ ক্ষেত্ৰখনত দুটা বছৰতে আধিপত্য বিস্তাৰ কৰিবলৈ সমৰ্থ হোৱা ৰিলায়েঞ্চ জিঅ'ই। ৩০ অক্টোবৰৰ পৰা জিঅ'ৰ উপভোক্তাসকলে নিজৰ ডিভাইচত এডাল্ট ম'ভি চোৱাত অসুবিধাই দেখা দিয়াতো প্ৰত্যক্ষ কৰে।
লগে লগে হাহাকাৰ লাগে জিঅ'ৰ গ্ৰাহকসলৰ মাজত। এই সন্দৰ্ভত ভিন্নজনে ছ'চিয়েল মিডিয়াত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ আৰম্ভ কৰে। একাংশ লোকে ইয়াৰ ফলত দেশত বলাৎকাৰৰ ঘটনা হ্ৰাস পাব বুলি দাবী কৰাৰ লগতে আন একাংশই আকৌ তেনে ঘটনা বৃদ্ধি পাব বুলিহে দাবী কৰে। অৱশ্যে বাতৰিটো পোৱাৰ পিছতে সেইদিনা শান্তিৰে এঘুমটি মাৰে সন্তানৰ পৰ্ণ আসক্তিৰ বিষয়ে গোপনে জানিব পৰা বহু অভিভাৱকে।
জিঅ' অহাৰ আগৰে পৰা পৰ্ণ ৱেবছাইটৰ ভিউৱাৰ্ছৰ ক্ষেত্ৰত শীৰ্ষৰ ৫টা স্থানৰ ভিতৰত আছিল ভাৰত। জিঅ'ই ইণ্টাৰনেটত সহজলভ্য কৰি তোলাৰ পিছত তৃতীয় স্থান দখল কৰাৰ লগতে পৰ্ণ ছাইটসমূহত ৱাটছআৱাৰৰ পৰিমাণ দ্ৰুতহাৰত বৃদ্ধি পাবলৈ লয়। এক তথ্য অনুযায়ী ২০১৬ চনৰ পূৰ্বে ভাৰতত গড় হিচাপত ব্যৱহৃত মাহিলি ডাটাৰ পৰিমাণ আছিল প্ৰায় ৬০০ এমবি। ২০১৮চনৰ আৰম্ভণিতে সেয়া হৈ পৰে প্ৰায় ১৫ জিবি। আচৰিত ধৰণে এই সময়ছোৱাত ভাৰতত ইণ্টাৰনেট ট্ৰেফিকৰ ৩০ শতাংশ উৎসই হৈছে পৰ্ণ ৱেবছাইটসমূহ।
টিভি চেনেলসমূহৰ যিদৰে টিআৰপি থাকে তেনেদৰে ৱেবছাইটৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে নিৰ্ভৰযোগ্য আৰু বিশ্বসনীয় হৈছে এলেক্সা ৰেংকিং। এলেক্সা ৰেংকিঙত ৱেবছাইটসমূহৰ ভিউৱাৰ্ছৰ ওপৰত ভিত্তি কৰি ৰেংকিং প্ৰদান কৰা হয়। এই এলেক্সা ৰেংকিঙত ভাৰতত গুগল, ফেচবুক, ইউটিউব আৰু এমাজনৰ পিছতে স্থান দখল কৰিছে পৰ্ণ ৱেবছাইটে। দেশখনৰ সৰ্বাধিক ভিউৱাৰ্ছ থকা শীৰ্ষৰ ৫০ টা ৱেবছাইটৰ ভিতৰত ৩টাই হৈছে পৰ্ণ ৱেবছাইট। আচৰিত ধৰণে পৰ্ণ ৱেবছাইটে দেশখনত পিছ পেলাইছে জ্ঞানৰ ভৰাল উইকিপিডিয়াকো।
এলেক্সাৰ এই ৰেংকিঙৰ পৰাই বুজিব পাৰি যে পৰ্ণ ৱেবছাইট ভাৰতত কিমান জনপ্ৰিয়। বহুতেই হয়তো এতিয়া ভাবি ল'ব পাৰে যে উচ্চতম ন্যায়ালয়ে পৰ্ণ ৱেবছাইট ব্লক কৰিবলৈ নিৰ্দেশ দিছে যেতিয়া সেয়া চোৱাতো এক অপৰাধ। পিছে সেয়া নহয়। ভাৰতত আজি পৰ্যন্ত পৰ্ণ ৱেবছাইট চোৱা-নোচোৱাক লৈ কোনো আইন নাই। প্ৰাপ্ত বয়স্ক লোকে মন গ'লেই উপভোগ কৰিব পাৰে নীলা ছবি। কিন্তু যদিহে শিশু থকা নীলা ছবি উপভোগ কৰে তেন্তে তেনে লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিধান আছে ভাৰতীয় আইনত।
'ভাৰতত আইটি এক্টৰ কোনো ধাৰাই পৰ্ণছবি চোৱাত প্ৰাপ্তবয়স্ক লোকক বাধা প্ৰদান কৰা নাই। আইটি এক্টৰ ৬৭বি ধাৰা মতে চাইল্ড পৰ্ণগ্ৰাফী চোৱাতোহে দণ্ডনীয় অপৰাধ।'-এই মন্তব্য চাইবাৰ বিশেষজ্ঞ পৱন ডুগালৰ। তেওঁ আৰু কয় যে ন্যায়ালয়ে ইণ্টাৰনেট ছাৰ্ভিছ প্ৰভাইডাৰসমূহক পৰ্ণ ছাইট ব্লক কৰাৰ নিৰ্দেশ প্ৰদান কৰিলেও সেয়া টেকনিকেলী ১০০শতাংশ সম্ভৱ নহয়।
'এডাল্ট ৱেবছাইটসমূহ হৈছে ইণ্টাৰনেটৰ সামান্য এটা অংশ। ছাৰ্ভিছ প্ৰভাইডাৰে সেইসমূহ ব্লক কৰি দিলেও ইন্টাৰেট ব্যৱহাৰকাৰীসকলে আন উপায়েৰে সেয়া ভিজিট কৰিব পাৰে। উদাহৰণ হিচাপে ৱেবছাইট নিষিদ্ধ কৰিলে বিট-টৰেন্ট প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰে। সেয়ে এয়া সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাতো প্ৰযুক্তিগত কাৰণত অসম্ভৱ।'-এইদৰে কয় ডুগালে।
ডুগালে এইখিনিতে আৰু এটা আশ্চৰ্যকৰ মন্তব্য কৰিছে। তেওঁ নিজৰ ব্লগত জনোৱা মতে, যোৱা ২৭ অক্টোবৰৰ পৰা ৩ নৱেম্বৰৰ ভিতৰত গুগল ট্ৰেণ্ডৰ ডাটাত ভাৰতৰ পৰা ভিপিএন ছাৰ্চৰ পৰিমাণ পূৰ্বতকৈ ৩গুণ পৰ্যন্ত বৃদ্ধি পাইছে। কিন্তু কিয়? ভিপিএননো কি? ভিপিএন হৈছে ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক। বিশ্বৰ প্ৰায় অধিকাংশ পৰ্ণ ৱেবছাইটৰে আছে নিজস্ব ভিপিএন নেটৱৰ্ক। আনহাতে এই সময়ছোৱাত ভাৰতত চীনা ইউচি ব্ৰাউজাৰৰ ব্যৱহাৰ গুগল ক্ৰমতকৈ বৃদ্ধি পোৱা বুলিও দাবী কৰিছে কেবাগৰাকী চাইবাৰ বিশেষজ্ঞই। আলিবাবাৰ অধীনস্থ ইউচি ব্ৰাউজাৰ ভাৰতত নিষিদ্ধ কৰা হ'ব বুলি সময়ে সময়ে বাতৰি প্ৰকাশ পাই আহিছে যদিও বিভিন্ন কাৰিকৰী কাৰণ তথা চীনৰ সৈতে থকা ব্যৱসায়িক সম্পৰ্কৰ বাবে সেয়া সম্ভৱ হোৱা নাই।
মুঠৰ ওপৰত দিপাৱলীত ফটকা ফুটোৱাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে আৰোপ কৰা নিষেধাজ্ঞা যিদৰে ১০০ শতাংশ কাৰ্যকৰী কৰা সম্ভৱ নহয় তেনেকৈ এই দেশত পৰ্ণ ৱেবছাইটৰ ওপৰত নিষেধাজ্ঞা আৰোপো ১০০ শতাংশ কাৰ্যকৰী নহয়। আনহে নালাগে এই পৰ্যন্ত কেৱল জিঅ'ইহে চৰকাৰী নিৰ্দেশনা মানি উক্ত ছাইটসমূহ ব্লক কৰিছে যদিও বাকী ছাৰ্ভিছ প্ৰভাইডাৰসমূহৰ অধিকাংশই সেয়া ব্যৱসায়িক স্বাৰ্থতে কাৰ্যকৰী কৰা নাই।
এতিয়া আহিছো লেখাটোৰ আৰম্ভণিতে উল্লেখ কৰা এক গুৰুত্বপূৰ্ণ প্ৰসংগলৈ। সেয়া হৈছে পৰ্ণ ৱেবছাইট বন্ধ কৰি দিলে দেশত ধৰ্ষণৰ সংখ্যা হ্ৰাস পাব নেকি? এই প্ৰসংগত সাধাৰণ লোকসকলৰ দৰেকৈ বিশেষজ্ঞসকলো দুটা ভাগত বিভক্ত। অৱশ্যে মনোবিজ্ঞানীসকলে স্পষ্টকৈ কৈছে যে বলাৎকাৰৰ সৈতে নীলাছবিৰ পোনপটীয়া সম্পৰ্ক নাই। মনোবিজ্ঞানৰ প্ৰখ্যাত আলোচনী 'চাইক'লজী টুডে'ত এই সন্দৰ্ভত একাধিক মনোবিজ্ঞানীয়ে গৱেষণামূলক তথ্য প্ৰকাশ কৰি আহিছে।
বিশিষ্ট মনোবিজ্ঞানী মাইকেল কেষ্টলমেনৰ মতে পৰ্ণ ৱেবছাইটৰ সৈতে ধৰ্ষণৰ সংখ্যা বৃদ্ধি হোৱাৰ কোনো সম্পৰ্ক নাই। তেওঁ আলোচনীখনৰ 'More Porn, LESS Sexual Assault' শীৰ্ষক এটা লেখাত উল্লেখ কৰিছে যে মানুহে প্ৰকৃতিপ্ৰদত্তভাৱেই এটা বয়সত যৌন বিষয়ক কথাসমূহ নিজে নিজে আয়ত্ব কৰে। পৰ্ণ ৱেবছাইটসমূহৰ জন্ম নৌহওতেও বিশ্বত ধৰ্ষণৰ পৰিমাণ বৰ্তমানতকৈ অধিক আছিল বুলিও লেখাটোত দাবী কৰিছে কেষ্টলমেনে।
তেওঁ কেবাখনো দেশত ১৯৯৯ চনৰ পূৰ্বে সংঘটিত বলাৎকাৰৰ ঘটনাৰ পৰিসংখ্যা আৰু তাৰ পিছৰ বলাৎকাৰৰ ঘটনাৰ পৰিসংখ্যাৰ পৰা এয়া দাবী কৰিছে যে পৰ্ণ ৱেবছাইটৰ আগমনৰ আগতেও বিশ্বৰ অধিকাংশ দেশতে তেনে ঘটনা বৰ্তমানতকৈও অধিক আছিল। তেওঁ আৰু এটা পৰিসংখ্যা দাঙি ধৰি কৈছে যে যিসমূহ দেশত পৰ্ণ চোৱা লোকৰ সংখ্যা অধিক সেই দেশসমূহৰ তুলনাত পৰ্ণ নিষিদ্ধ দেশসমূহতহে বলাৎকাৰ তথা নাৰীজনিত অপৰাধৰ সংখ্যা অধিক।
কেষ্টলমেনকে আদি কৰি বিশ্বৰ কেবাগৰাকী মনোবিজ্ঞানীয়ে পৰ্ণ ৱেবছাইটৰ সৈতে বলাৎকাৰৰ ঘটনা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰিলেও এণ্টি পৰ্ণ এক্টিভিষ্টসকলে সেয়া খণ্ডন কৰি আহিছে। বিশেষকৈ ভাৰতৰ দৰে দেশত অধিকাংশ লোকে পোনপটীয়াকৈ এয়াই বিশ্বাস কৰে যে পৰ্ণ ৱেবছাইট চোৱাৰ ফলত কিশোৰ-কিশোৰীসকল বিপথগামী হৈছে আৰু নাৰীজনিত অপৰাধৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে।
এণ্টি পৰ্ণ এক্টিভিষ্টসকলৰ এনে দাবীৰ প্ৰতি লক্ষ্য ৰাখিয়েই শেহতীয়াকৈ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে। ইয়াৰ পূৰ্বেও কেন্দ্ৰ চৰকাৰে পৰ্ণ ৱেবছাইটসমূহ বেন কৰাৰ সিদ্ধান্ত লৈছিল যদিও বিভিন্ন কাৰিকৰী কাৰণত পিছত সেয়া বাতিল কৰিছিল। নিৰ্ভয়া কাণ্ডৰ পিছতে ২০১৩ চনত পৰ্ণ বেনৰ দাবীৰে আদালতৰ দ্বাৰস্থ হৈছিল কমলেশ ভাছৱানী নামৰ এজন অধিবক্তা।
নীলাছবিয়ে দেশখনত বলাৎকাৰৰ ঘটনা বৃদ্ধি কৰাৰ অভিযোগ তুলি ইন্দোৰ উচ্চ ন্যায়ালয়ত পিআইএল দাখিল কৰিছিল অধিবক্তাজনে। পৰৱৰ্তী সময়ত বিষয়টো উচ্চতম ন্যায়ালয়ৰো মজিয়া পায়। উচ্চতম ন্যায়ালয়ে তেতিয়া ৰায় প্ৰদান কৰি কয় যে এয়া কোনোপধ্যে সম্ভৱ নহয় কিয়নো ই Right to Privacy বিৰোধী। সেই সময়ত উচ্চতম ন্যায়ালয়ে এনেদৰে ক'লেও ডেৰাডুনৰ এখন বিদ্যালয়ত এগৰাকী ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন চলোৱা ঘটনা সন্দৰ্ভত দাখিল কৰা আবেদনৰ ভিত্তিত উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে এইবাৰ এই নিৰ্দেশ প্ৰদান কৰিছে। ইতিমধ্যে এই নিৰ্দেশ আংশিকভাৱে কাৰ্যকৰীও হৈছে।
উক্ত নিৰ্দেশ ১০০ শতাংশ কাৰ্যকৰী কি কাৰণত সম্ভৱ নহয় তাৰ এক আভাস পোৱাৰ পিছত আহিছো অন্তিম পৰ্যায়লৈ। ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে বিষয়টোক লৈ ছ'চিয়েল মিডিয়াত যি সৰৱ চৰ্চা চলিছে সেই চৰ্চাত বিভিন্নজনে আমোদজনক মন্তব্য কৰা দেখা গৈছে। এনে এক আমোদজনক মন্তব্য আছিল ৪৯৭ ধাৰাক লৈ। এই সন্দৰ্ভত এজন নেটিজেনে মন্তব্য কৰিছে যে যিখন দেশৰ আদালতে ৪৯৭ ধাৰা খাৰিজ কৰিছে সেই একেখন দেশতে পৰ্ণ ছাইট নিষিদ্ধ কৰাতো শুনিবলৈ আচহুৱা যেন লাগে। আন একাংশই আকৌ ইয়াক ব্যক্তি স্বাধীনতাত হস্তক্ষেপ আখ্যা দিছে।
এনেকৈয়ে এতিয়া ধুৱলী-কুঁৱলী হৈ পৰিছে সমগ্ৰ দেশ। এয়া ভাল হৈছে নে বেয়া হৈছে সেয়া অৱশ্যে পৰৱৰ্তী সময়তহে ক'ব পৰা যাব। অৱশ্যে প্ৰচলিত এক ধাৰণা আছে যে বাতি এটা যেতিয়া ঢাকনি দি ৰখা হয় তাৰ প্ৰতি আগ্ৰহ পূৰ্বতকৈও অধিক বৃদ্ধিহে পায়। যদিহে সেয়াই হয় তেন্তে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশো দীপাৱলীত ফটকা ফুটোৱাক লৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশৰ দৰে হৈ পৰিব নেকি বুলিও সন্দেহ ব্যক্ত কৰিছে ভিন্নজনে।