'তিৱাৰী খুড়া' হিচাপে পৰিচিত জনপ্ৰিয় অভিনেতা জোনমনি ভূঞাক দুৰ্বৃত্তৰ আক্ৰমণ

জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউট পোষ্টৰ 'তিৱাৰী খুড়া' হিচাপে পৰিচিত জনপ্ৰিয় অভিনেতা জোনমনি ভূঞাক দুৰ্বৃত্তৰ আক্ৰমণ ৷ ঘৰৰ কাষৰে প্ৰদীপ বৰা নামৰ সুৰাসক্ত যুৱকজনে মদৰ নিচাত মাতাল হৈ কুঠাৰেৰে আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰে অভিনেতা জোনমণি ভূঞাক ৷

author-image
Asomiya Pratidin
New Update
দুৰ্বৃত্তৰ আক্ৰমণ

দুৰ্বৃত্তৰ আক্ৰমণ

ডিজিটেল সংবাদ, জামুগুৰিহাট : জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউট পোষ্টৰ 'তিৱাৰী খুড়া' হিচাপে পৰিচিত জনপ্ৰিয় অভিনেতা জোনমনি ভূঞাক দুৰ্বৃত্তৰ আক্ৰমণ ৷ ঘৰৰ কাষৰে প্ৰদীপ বৰা নামৰ সুৰাসক্ত যুৱকজনে মদৰ নিচাত মাতাল হৈ কুঠাৰেৰে আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰে অভিনেতা জোনমণি ভূঞাক ৷ সংকটজনক অৱস্থাত অভিনেতাজনক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় গুৱাহাটীলৈ ৷ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে জোনমনি ভূঞা। চতিয়াৰ বাৰভূঞা গাঁৱৰ নিজ বাসভৱনৰ সন্মুখতে আক্ৰমণৰ বলি হ'বলগীয়া হয় জনপ্ৰিয় অভিনেতা গৰাকী।

Advertisment

ইফালে, অভিনেতা জোনমমনি ভূঞাৰ আক্ৰমণকাৰী প্ৰদীপ বৰাক ইতিমধ্যে চতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ ব্যৱস্থা কৰিছে।

বেহাৰবাৰী অভিনেতা