/asomiyapratidin/media/media_files/2025/04/21/1hjaWklVJZp0XDRHB363.jpg)
ডিজিটেল ডেস্কঃ ইষ্টাৰৰ পিছদিনাই জীৱন নাট সামৰিলে পোপ ফ্ৰান্সিছে। আজি এক বিবৃতিত এই তথ্য প্ৰকাশ কৰিছে ভেটিকানে। তেওঁ দুবাৰকৈ নিউমোনিয়াত আক্ৰান্ত হৈছিল। ৮৮ বছৰ বয়সত দেহাৱসান ঘটে খ্ৰীষ্টানৰ ধৰ্মগুৰুগৰাকীৰ।
উল্লেখ্য যে, ৰোমান কেথলিক গীৰ্জাৰ মুৰব্বী পোপ ফ্ৰান্সিছক ৰোমৰ জেমেলি চিকিৎসালয়ৰ পৰা আহিবলৈ দিয়া হৈছিল। তাত তেওঁ ৫ সপ্তাহ ধৰি সংক্ৰমণৰ চিকিৎসা গ্ৰহণ কৰি আছিল। দেওবাৰে ভেটিকান চহৰৰ কাছা চান্টা মাৰ্টাস্থিত নিজ বাসগৃহত পোপ ফ্ৰান্সিছে শেষ নিশ্বাস ত্যাগ কৰে।
সোমবাৰে কাছা চান্টা মাৰ্টাত কাৰ্ডিনেল কেভিন ফেৰেলে ঘোষণা কৰে যে, ‘অতি দুখেৰে পোপ ফ্ৰান্সিছৰ দেহাৱসানৰ কথা ঘোষণা কৰিছো। পুৱা ৭:৩৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। পোপ ফ্ৰান্সিছে নিজৰ সমগ্ৰ জীৱন ঈশ্বৰ আৰু গীৰ্জাৰ প্ৰতি উৎসৰ্গা কৰিছিল।