/asomiyapratidin/media/media_files/2025/05/15/uxg2hr4hlEeiMreEZw4a.jpg)
দৰিদ্ৰ মেধাৱী শিক্ষাৰ্থীক বিনামূলীয়াকৈ মেডিকেল-ইঞ্জিনীয়াৰিঙৰ ক'ছিঙৰ সুবিধা
ডিজিটেল সংবাদ, ছয়দুৱাৰ: দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্র-ছাত্ৰী সকল যাতে গুণগত আৰু উপযুক্ত শৈক্ষিক সুবিধাৰ পৰা বঞ্চিত নহয়, সেই সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনে বিভিন্ন ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি আহিছে। এইবাৰো উপযুক্ত আন্ত:গাঁঠনি আৰু সুস্থ বিদ্যায়তনিক পৰিৱেশৰ আৱসিক শৈক্ষিক প্ৰতিষ্ঠানখনে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ৫০ গৰাকী দৰিদ্ৰ পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীক উচ্চতৰ মাধ্যমিক শাখাত বিনামূলীয়াকৈ পঢ়োৱাৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে সম্পন্ন হৈছে নামভৰ্ত্তিৰ প্ৰক্ৰিয়া।
একেদৰে উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত বৰ্ষত ৮৫ শতাংশ নম্বৰ লাভ কৰি কৃতিত্বৰে উত্তীৰ্ণ হোৱা দৰিদ্ৰ পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থী সকলক বিনামূলীয়াকৈ স্মাতক পাঠ্যক্ৰম পঢ়োৱাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে ইতিমধ্যে ঘোষণা কৰিছে অধ্যক্ষ জয়ন্ত শইকীয়াই। তদুপৰি ৮০ শতাংশ নম্বৰ লাভ কৰি স্নাতক মহলাত নাম ভৰ্তি কৰিব বিচৰা দৰিদ্ৰ পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থী সকলৰ বাবে স্কলাৰ্ছশ্বীপৰ ব্যৱস্থা ৰাখিছে শংকৰদেৱ শিক্ষা নিকেতন, গহপুৰে। বিদ্যালয়খনে তেওঁলোকৰ শৈক্ষিক ব্যৱস্থাক কেৱল মাত্ৰ ব্যৱসায়িক দৃষ্টিভংগীৰে নাচাই এনেধৰণৰ গুৰুত্বপূৰ্ণ সেৱাৰ জৰিয়তে গ্ৰহণ কৰি আহিছে বিভিন্ন ইতিবাচক পদক্ষেপ।
ইফালে, শেহতীয়াভাৱে শংকৰদেৱ শিক্ষা নিকেতন, গহপুৰে মেডিকেল আৰু ইঞ্জিনীয়াৰিং পাঠ্যক্ৰমৰ বাবে বিনামূলীয়া ক'ছিঙৰ ব্যৱস্থা কৰি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থী সকলৰ বাবে আন এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে। উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ বিজ্ঞান শাখাত সফলতাৰে উত্তীৰ্ণ হোৱা ৫০ গৰাকী দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক আৱাসিক শিক্ষাৰ্থী হিচাপে ৰাখি সম্পূৰ্ণ বিনামূলীয়াকৈ মেডিকেল আৰু ইঞ্জিনীয়াৰিং পাঠ্যক্ৰমৰ বাবে ক'ছিং দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিদ্যালয়খনে। এই বিষয়ে বুধবাৰে সন্ধিয়া এক সংবাদমেল সম্বোধন কৰি শংকৰদেৱ শিক্ষা নিকেতনৰ অধ্যক্ষ জয়ন্ত শইকীয়াই কয় যে, সম্পূৰ্ণ বিনামূলীয়াকৈ আঠ মাহ চলিবলগীয়া এই ক'ছিঙৰ বাবে নিয়োগ কৰা হৈছে বহু কেইজন অভিজ্ঞ শিক্ষক।
ইফালে, আৱাসিক শিক্ষাৰ্থী হিচাপে এই ক'ছিঙৰ সুবিধা ল'ব বিচৰা আগ্ৰহী আৰু উপযুক্ত ছাত্র-ছাত্ৰী সকলক নামভৰ্ত্তিৰ বাবে সমন্বয়ক মৃগাংক চলিহাৰ ৯১০১৪-৮২৯৬৭ এই ম'বাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে অধ্যক্ষ জয়ন্ত শইকীয়াই। অহা ১৯ মে'ৰ পৰা আৰম্ভ হ'ব এই পাঠ্যক্ৰমৰ পাঠদান প্ৰক্ৰিয়া। এই সংবাদমেলত শংকৰদেৱ শিক্ষা নিকেতনৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ আঁচনি সঞ্চালক অমৃতেশ ভূষণো উপস্থিত থাকি মেডিকেল আৰু ইঞ্জিনীয়াৰিং পাঠ্যক্ৰমৰ পাঠদান সম্পৰ্কে বুজাই কয়। শংকৰদেৱ শিক্ষা নিকেতনে শিক্ষাৰ অধিকাৰক সাৰ্বজনীন কৰি তোলাৰ লক্ষ্যৰে দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্র-ছাত্ৰী সকলৰ বাবে গ্ৰহণ কৰা এনেধৰণৰ পদক্ষেপক শলাগ লৈছে বৌদ্ধিক আৰু শিক্ষানুৰাগী ৰাইজে।