ঢকুৱাখনাত নৱ দলেৰ ঘনিষ্ঠ ঠিকাদাৰ গণি খানৰ দৌৰাত্ম্য

বিধায়ক নৱ দলেৰ অতি ঘনিষ্ঠ এইজন বিভাগীয় ঠিকাদাৰে এটা গুৰুত্বপূৰ্ণ গ্ৰাম্য পথ নিৰ্মাণৰ ঠিকা লৈ ৰাইজৰ লগত হেতালি খেলাৰ বাবে সীমাহীন নৰক যন্ত্ৰণাত ভুগিব লগা হৈছে বহু কেইখন গাঁওৰ নাগৰিকে।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত নৱ দলেৰ ঘনিষ্ঠ ঠিকাদাৰ গণি খানৰ দৌৰাত্ম্য

ঢকুৱাখনাত নৱ দলেৰ ঘনিষ্ঠ ঠিকাদাৰ গণি খানৰ দৌৰাত্ম্য

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঠিকাদাৰৰ চূড়ান্ত দায়িত্বহীনতাই জুলুকা জুলুকে পানী খুৱাইছে এটা বৃহত্তৰ অঞ্চলৰ বাসিন্দাক। ঢকুৱাখনা ক্ষেত্ৰীয় লোক নিৰ্মাণ (পথ)বিভাগৰ এইগৰাকী নিষ্কর্মা ঠিকাদাৰৰ নাম গণি খান। বিধায়ক নৱ দলেৰ অতি ঘনিষ্ঠ এইজন বিভাগীয় ঠিকাদাৰে এটা গুৰুত্বপূৰ্ণ গ্ৰাম্য পথ নিৰ্মাণৰ ঠিকা লৈ ৰাইজৰ লগত হেতালি খেলাৰ বাবে সীমাহীন নৰক যন্ত্ৰণাত ভুগিব লগা হৈছে বহু কেইখন গাঁওৰ নাগৰিকে।

Advertisment

মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিৰ পেকেজ নম্বৰ ২২-২৩-১০৩  শিতানত  CE/DEV/TB/347/2022-23/12, dt.29/04/2023 নং নিৰ্দেশ মৰ্মে পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ মৌখোৱাৰ পৰা লেচেৰা আৰু জালভাৰীৰ পৰা বকুলবাৰী সংযোগী প্ৰায় ৪২৫'৬৭ লাখ টকা ব্যয় সাপেক্ষে পথ নিৰ্মাণৰ ঠিকা লৈছিল গণি খানে। বিগত ২০২৩ বর্ষৰ ২৯ এপ্ৰিলতে মৌখোৱাৰ পৰা লেচেৰা সংযোগী প্ৰায় ৪ কিলোমিটাৰ পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা এই পথটো বিধিগতভাবে নিৰ্মাণৰ পৰৱৰ্তী সময়ত কাম আধৰুৱা কৰি পেলাই ৰখাতহে গুৰুত্ব আৰোপ কৰি খানে সমগ্ৰ পথটো মৰণ ফাণ্ডলৈ পৰিণত কৰাত উঠি পৰি লাগিছে । 

সদা ব্যস্ত পথটোৰ লেচেৰা অংশ অতি নিম্ন মানৰে মাটি পেলাই আধৰুৱা কৰি বছৰ ধৰি পেলাই ৰখাৰ উপৰিও পকী কালভাৰ্টতো নিৰ্মাণ কৰি নিদিয়াত লেচেৰা ,মৌখোৱা , ভেটতলী, ভাটী জালভাৰী আদি গাঁওৰ ৰাইজ মৰণত শৰণ দি যাতায়ত কৰিব লগা হৈ আহিছে। খৰালি উখুৰা মুখৰা পথেৰে, বাৰিষা বোকা পানীৰে বিপদ সংকুল যাতায়ত কৰি অহা ৰাইজৰ বাবে এতিয়া যমৰ যাতনা ভুগিছে । 

স্থানীয় ৰাইজে সাংবাদিকৰ সন্মুখত সদৰি কৰা অনুসৰি, এজাক বৰষুণ দিলেই বোকা পানীৰে কদৰ্য আৰু পিছল হৈ পৰা পথটোৰে ছাত্ৰ-ছাত্ৰী, ৰোগী, সাধাৰণ নাগৰিকৰ যাতায়ত কৰাত ক্ষেত্ৰত ভীষণ সমস্যাৰ সৃষ্টি হয়। পথটোৰ পকী কালভাৰ্ট নিৰ্মাণৰ বাবে দাঁতিত নিৰ্মাণ কৰি দিয়া অতি কম উচ্চতাৰ উপপথটো এজাক বৰষুণতেই একাঠু পানীৰে উপচি যাতায়ত বন্ধ হৈ পৰে। যাৰ বাবে বিগত বছৰ ধৰি ৰাইজে জৰুৰীকালীন চিকিৎসাৰ বাবে ৰোগীক ট্ৰেক্টৰৰ উঠাই অথবা বিপদাপন্ন ভাবে কোলাত লৈ ৰাজপথলৈ আনি চিকিৎসালয়লৈ কঢ়িয়াব লগা পৰিস্থিতিৰ প্ৰায়ে উদ্ভৱ হয়। 

ৰোগীক ট্ৰেক্টৰত উঠাই চিকিৎসালয়লৈ প্ৰেৰণ
ৰোগীক ট্ৰেক্টৰত উঠাই চিকিৎসালয়লৈ প্ৰেৰণ

 

সমান্তৰালভাৱে বাৰিষা এই উপপথত নাৱেৰে চলাচল কৰাৰ বাদে গত্যন্তৰ নোহোৱা হয় ৰাইজৰ। অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া দাবী আছিল, এই গুৰুত্বপূৰ্ণ পথটো পকী কৰি কালভাৰ্ট সমূহ তৎকালে পকী কৈ নিৰ্মাণ কৰাৰ। তাৰেই পৰিপ্ৰেক্ষিতত লোকনিৰ্মাণ (পথ) বিভাগে এই পথটো আবন্টন দি নিৰ্মাণৰ ঠিকা প্ৰদান কৰিছিল ঢকুৱাখনাৰ বিভাগীয় ঠিকাদাৰ, বিধায়কৰ বৰঘৰৰ ব্যক্তি খানক। পিছে ৰাজনৈতিক শক্তিৰ বলত কামৰ ঠিকা পাইও পথ নিৰ্মাণলৈ পিঠি দি ৰহস্যজনকভাবে বহি আছে খান। পৰিণতিত ২০২৪ চনৰ ২৮এপ্ৰিলত কাম শেষ কৰিব লগা এই পথটো নিৰ্মাণ আধাও সম্পূৰ্ণ নকৰাত জীয়া যন্ত্ৰণা ভোগী মৰিছে জনসাধাৰণ । 

লোকনিৰ্মাণ( পথ) বিভাগেও এই ক্ষেত্ৰত গ্ৰহণ কৰি আহিছে চকু মুদা কুলিৰ ভূমিকা । "মুখ্যমন্ত্ৰী পকী পথ নিৰ্মান আঁচনি"ৰ সাৰ্বজনীনতাক পদপিষ্ট কৰি ঠিকাদাৰ খানে আঁচনিৰ সফল আৰু সঠিক ৰূপায়নলৈ আঙুষ্ঠ প্ৰদৰ্শন কৰাৰ পাছতো মুকবধিৰৰ ভূমিকা পালিছে বিধায়ক নৱ দলে। ইপিনে বাৰিষা খৰালি বাৰ মাহেই জনসাধাৰণক দুৰ্ভোগ ভোগাই অহা এই পথটোৰ তাৎক্ষণিক নিৰ্মাণ আৰু সুচল যাতায়তৰ বাবে জলমগ্ন উপপথটোত ওখকৈ অস্থায়ী দলং এখন নিৰ্মাণৰ দাবী তুলিছে ভুক্তভোগী নাগৰিকে। অন্যথাই চৰকাৰী আঁচনিৰ ৰূপায়নত অহেতুক হেমাহি কৰি ৰং চোৱা অকমন্য ঠিকাদাৰ আৰু লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে প্ৰবল গণতান্ত্ৰিক প্ৰতিবাদৰ সকীয়নী দিছে ভুক্তভোগী ৰাইজে।

আধুনিক ঢকুৱাখনাৰ নিৰ্মাতা বুলি আত্মজাহিৰ কৰি অহা নৱ দলে আৰু গেৰুৱা বাহিনীৰ নাকৰ আগতে এটা গ্ৰাম্য পথৰ এনে দুৰাৱস্থা আৰু চৰকাৰী আঁচনি ৰূপায়ণৰ বেলিকা বিধায়কৰ ঘনিষ্ঠ ঠিকাদাৰৰ মইমতালি দেখি শুনি, জানি বুজিও এনেবোৰ পক্ষ নিচ্ছুপ  হৈ আছে। কৃষি প্ৰধান অঞ্চলবাসীৰ মেৰুদণ্ড স্বৰূপ এই পথটোৰ দুৰৱস্থা এবাৰ স্বচক্ষে চাবলৈ বিধায়ক গৰাকীক দাবী জনাইছে ভুক্তভোগী ৰাইজে।

নৱ দলে ঢকুৱাখনা