ইমানেই সাৱধানতা! পুটিনৰ মলো এৰা নাই ভাৰতত, ছুটকেছত ভৰাই...

এই ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে বিদেশী চোৰাংচোৱা সংস্থা বা গোপন অনুসন্ধানকাৰী সংস্থাসমূহে পুটিনৰ স্বাস্থ্য সম্পৰ্কীয় কোনো তথ্য,ডি এন এ লাভ কৰাটো প্ৰতিহত কৰা।

New Update
1

ডিজিটেল ডেস্কঃ  ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিদেশ ভ্ৰমণকালত তেওঁৰ সুৰক্ষা আৰু ব্যক্তিগত তথ্যৰ গোপনীয়তা বজাই ৰখাৰ বাবে এক অতি আচৰিত পদ্ধতি ব্যৱহাৰ কৰা হয় বুলি কেইবাটাও সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছে।

 এই খবৰ অনুসৰি, পুটিনে যিকোনো বিদেশ ভ্ৰমণলৈ গ'লে তেওঁৰ নিৰাপত্তা কৰ্মীসকলে এটা বিশেষ ছুটকেছ ব্যৱহাৰ কৰে, য'ত তেওঁৰ মল সংগ্ৰহ কৰি ৰাছিয়ালৈ লৈ যোৱা হয়। এই ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে বিদেশী চোৰাংচোৱা সংস্থা বা গোপন অনুসন্ধানকাৰী সংস্থাসমূহে পুটিনৰ স্বাস্থ্য সম্পৰ্কীয় কোনো তথ্য,ডি এন এ লাভ কৰাটো প্ৰতিহত কৰা।

পুটিনে বিদেশত যিকোনো ঠাইত শৌচাগাৰ ব্যৱহাৰ কৰাৰ পিছত তেওঁৰ নিৰাপত্তা ৰক্ষীৰ এটা দলে অতি গোপনীয়তাৰে প্ৰস্ৰাৱ আৰু মল সংগ্ৰহ কৰি বিশেষভাৱে সুৰক্ষিত এই ছুটকেছটোত ভৰাই ৰাছিয়ালৈ লৈ যায়।

উল্লেখ্য যে,ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীৰ সুৰক্ষাৰ স্বাৰ্থত মল ত্যাগৰ বাবে তেওঁৰ নিৰাপত্তাৰক্ষী দলটোৱে এটা পৰ্টেবল শৌচাগাৰ লৈ যাত্ৰা কৰে। পুটিনৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ক্ৰুটি নাৰাখি ৰাছিয়াৰ ফেডাৰেল প্ৰটেক্টিভ চাৰ্ভিচ তেওঁলোকৰ ফালৰ পৰা নিৰাপত্তাৰ ব্যৱস্থাৰ দায়িত্ব লোৱা হৈছিল। ইয়াৰ বিপৰীতে ভাৰতৰ নেশ্যনেল ছিকিউৰিটি গাৰ্ড, বিশেষ স্নাইপাৰ, এণ্টি ড্ৰ’ন ব্যৱস্থা, আৰু এ আই চালিত চোৱাচিতা আদিও স্থাপন কৰা হৈছিল। 

ভ্লাদিমিৰ পুটিন