ধেমাজিত পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ভোটদান পৰ্ব

জিলাখনৰ ৫ খন আঞ্চলিক পঞ্চায়ত, ১২ খন জিলা পৰিষদ আৰু ৬৫ খন গাঁও পঞ্চায়তৰ আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত জিলাখনৰ মুঠ ১,৮০৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে

author-image
Asomiya Pratidin
New Update
ভোটদান পৰ্ব

ভোটদান পৰ্ব

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজিত আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰসমূহত দেখা হৈছে ভোটাৰৰ ভিৰ ৷ অৱশ্যে ভোটাৰৰ ভিৰ হ’লেও জিলাখনৰ অন্তৰ্গত ভোটকেন্দ্ৰসমূহত শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণভাৱে ভোটাৰসকলে ভোটাধিকাৰ সাৱ্যস্ত কৰিছে। 

Advertisment

৫নং দক্ষিণ ধেমাজি জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী প্ৰণিতা গগৈয়ে কোৱাফলা প্ৰাথমিক বিদ্যালয়ৰ ২২৯ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে ৷ জিলাখনৰ মুঠ ৫,১০,৫৩৭ গৰাকী ভোটাৰে ৭২৭ টা ভোটগ্ৰহণ কেন্দ্ৰত সাব্যস্ত কৰিব নিজৰ ভোটাধিকাৰ ৷

একেদৰে জিলাখনৰ ৫ খন আঞ্চলিক পঞ্চায়ত, ১২ খন জিলা পৰিষদ আৰু ৬৫ খন গাঁও পঞ্চায়তৰ আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত জিলাখনৰ মুঠ ১,৮০৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ ইয়াৰে ৩৪ জনে জিলা পৰিষদ পৰ্যায়ত, ১৫৫ জনে আঞ্চলিক পঞ্চায়তত আৰু ১,৬১৯ জনে গাঁও পঞ্চায়ত পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷

Panchayat Election