ডিজিটেল সংবাদ, মানকাচৰ : দেওবাৰে মানকাচৰৰ কালাপানী সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই নিৰ্বাচনত ১৩ টা পদৰ বাবে ২৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে।
সমবায়খনৰ মুঠ অংশীদাৰী ভোটাৰৰ সংখ্যা হৈছে ২,৯০৫ গৰাকী। উল্লেখ্য যে ৫ খন গাঁও পঞ্চায়ত সামৰি কালাপানী সমবায় সমিতিৰ ২০২৪-২৫ বৰ্ষৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে।
উল্লেখযোগ্য যে, ভোটগ্ৰহণৰ পূৰ্বে সমবায় সমিতিৰ চৌহদত অংশীদাৰ ভোটাৰসকলক লৈ এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছে। দেওবাৰে পুৱা ৯ বজাৰ পৰা দুপৰীয়া প্ৰায় ১২-০০ বজালৈ সাধাৰণ সভাৰ জৰিয়তে হিচাপ- নিকাচ কৰাৰ অন্তত ভোটগ্ৰহণ পৰ্ব আৰম্ভ কৰা হৈছে।
বাতৰি লিখা পৰলৈকে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকা বুলি জানিবলৈ দিছে নিৰ্বাচন পৰিচালনা সমিতিয়ে । এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে সমবায় সমিতিখনত ১৫ খন আসনৰ বিপৰীতে ২৯ গৰাকী প্ৰাৰ্থীয়ে মনোয়ন পত্ৰ দাখিল কৰিছিল।
ইয়াৰে ৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাত ২ গৰাকী মহিলা সংৰক্ষিত প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। আজি ১৩ টা পদৰ বাবে ২৪ গৰাকী প্ৰাৰ্থীৰ মাজত ভোটগ্ৰহণ চলি আছে। ২,৯০৫ গৰাকী প্ৰাৰ্থীয়ে এই ভোটদান কৰি প্ৰাৰ্থী কেইজনক নিৰ্বাচিত কৰিব।
ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাছ চলি থকাৰ মাজত কালাপানী সমবায় সমিতিৰ নিৰ্বাচনত ভোটাৰসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। শাৰী পাতি অংশীদাৰ ভোটাৰসকলে ভোটাধিকাৰ সাৱ্যস্ত কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে।