Advertisment

তেজপুৰত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী.....

আপৰ শোণিতপুৰ জিলাৰ সভাপতিসহ জিলাখনৰ ৰঙাপাৰা সমষ্টি সমিতি,  ঢেকীয়াজুলি সমষ্টি সমিতি আৰু বৰছলা সমষ্টি সমিতিৰ সভাপতিসকলকে ধৰি প্ৰায় সকলো নেতৃত্বই শনিবাৰে ৰাইজৰ দলত যোগদান কৰে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ  তেজপুৰত ৰাইজৰ দলে অনুষ্ঠিত কৰে এক বৃহৎ যোগদান কাৰ্যসূচী । আপৰ শোণিতপুৰ জিলাৰ সভাপতিসহ জিলাখনৰ ৰঙাপাৰা সমষ্টি সমিতি,  ঢেকীয়াজুলি সমষ্টি সমিতি আৰু বৰছলা সমষ্টি সমিতিৰ সভাপতিসকলকে ধৰি প্ৰায় সকলো নেতৃত্বই শনিবাৰে ৰাইজৰ দলত যোগদান কৰে।

Advertisment

0

তেজপুৰৰ বিহগুৰিৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাইজৰ দলৰ যোগদান সমাৰোহত আম আদমী পাৰ্টিৰ শোণিতপুৰ জিলাৰ সভাপতি ধনেশ্বৰ দাস, উপসভাপতি দেৱেন ভেংৰা, ৰঙাপাৰা বিধান সভা সমষ্টিৰ সভাপতি অনুপম শইকীয়া, ঢেকীয়াজুলি সমষ্টি সমিতিৰ সভাপতি বিবেক বৰা, বৰছলা সমষ্টি সমিতিৰ সভাপতি তুলসী নাথ, সাধাৰণ সম্পাদক বাতু শইকীয়া, ৰঙাপাৰা সমষ্টি সমিতিৰ সাঃ সম্পাদক আব্দুল কাদিৰসহ শতাধিক আপৰ নেতা-কৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰে।

নতুনকৈ যোগদান কৰা লোকসকলক দললৈ আদৰণি জনাই ৰাইজৰ দলৰ নেতৃত্বই । যোগদান সমাৱেশত বিধায়ক অখিল গগৈ, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক অলক নাথ, মেডিয়া পেনেলিষ্ট হিমাংশু গগৈ আদি উপস্থিত আছিল।

ৰাইজৰ দল আম আদমি পাৰ্টি তেজপুৰ