/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/nitish-kumar.jpg)
ডিজিটেল ডেস্ক : অষ্টম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী ৰূপে নীতিশ কুমাৰে শপত গ্ৰহনৰ দিশে আগবঢ়াৰ সময়তে, বিশ্বাসঘাটক আখ্যা দিলে বিজেপিয়ে । নেছনেল ডেম'ক্ৰেটিক এলায়েঞ্চ (এন ডি এ)ৰ মিত্ৰজোঁট বিজেপিৰ সংগ এৰি নীতিশ কুমাৰে ৯ আগষ্ট মঙলবাৰে বিহাৰৰ ৰাজ্যপাল ফাগু চৌহানক মিত্ৰজোঁটৰ পদত্যাগ পত্ৰৰ সৈতে ১৬৪ জন বিধায়কৰ তালিকাও দাখিল কৰে ইয়াৰ সৈতে নতুন চৰকাৰ গঠনৰ বাবে ৭টা দলৰ সমৰ্থন থকা বুলিও দাবী কৰে নীতিশ কুমাৰে ।
উল্লেখ্য যে, জনতা দল(সংযুক্ত)আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে শেহতীয়া বিধানসভা নিৰ্বাচনত আশা কৰাতকৈ বহু কম ভোট লাভ কৰাৰ বাবেই নীতিশ কুমাৰে এই সিদ্ধান্ত লোৱা বুলি অনুমান কৰা হৈছে ।
আনহাতে, তেজস্বী কুমাৰে এই মিত্ৰজোঁট ভংগ হোৱাৰ বাবে বিজেপিকে দোষাৰোপ কৰি কয় যে,"বিজেপিৰ সৈতে মিত্ৰতা কৰি গঠন হোৱা প্ৰত্যেকখন চৰকাৰেই বিফল।
ইয়াৰ কাৰণ হল, যিটো দলে বিজেপিৰ সৈতে মিত্ৰতা কৰে সেই দলতোটেই ভাঙোনৰ সৃষ্টি হয়। মহাৰাষ্ট্ৰ আৰু পঞ্জাৱ ইয়াৰেই নিদৰ্শন।
আৰু পঢ়ক : বানৰ পাছত গৰাখহনীয়া অব্যাহত, উন্মুক্ত হৈ পৰাৰ সম্ভাৱণা ভাৰত বাংলাদেশ সীমান্ত…