/asomiyapratidin/media/media_files/2025/07/06/329-2025-07-06-20-23-37.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : দেওবাৰে মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ। উল্লেখযোগ্য যে, অসম নাগৰিক সমাজৰ উদ্যোগত গণতান্ত্ৰিক শক্তি আৰু নাগৰিক সমাজক ঐক্যৱদ্ধ কৰাৰ উদ্দেশ্যে 'অসম সন্মিলিত নাগৰিক অভিৱৰ্তন' শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়।
এই অনুষ্ঠানত চিন্তাবিদ- বুদ্ধিজীৱি ড০ হীৰেণ গোহাঁই আৰু বৰ্ষীয়ান ৰাজনীতিবিদ হেমেন দাসক প্ৰমুখ্য কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, বেদব্ৰত বৰা আদিৰে ধৰি ভালেসংখ্যক নেতা উপস্থিত থাকে।
আজিৰ এই অনুষ্ঠানত আগন্তুক ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনক লৈ কেতবোৰ আলোচনা কৰা হয়। এই মঞ্চতে আসন্ন নিৰ্বাচনত বিৰোধী দলসমূহ একলগ হোৱাৰ সম্পৰ্কতো আলোচনা কৰা হয়।
তাৰোপৰি অসমৰ ভৱিষ্যতৰ ৰাজনৈতিক গতিপথ সন্দৰ্ভত দৃষ্টিভংগী উপস্থাপন কৰে দলসমূহে। একেদৰে আজিৰ এই অভিৱৰ্তনৰ মঞ্চত লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে নিজৰ নিজৰ মত ব্যক্ত কৰে।
অভিৱৰ্তনক লৈ বিজেপি মুখপাত্ৰৰ প্ৰতিক্ৰিয়া
" মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হোৱা অসমৰ উন্নয়ন আৰু উদ্যোগিকৰণৰ দুৰন্ত গতিক পথচ্যুত কৰাৰ বাবে মিছা কথা আৰু ভুল তথ্যৰে মানুহৰ মাজত বিভ্রান্তিৰ সৃষ্টি কৰি নিজৰ ৰাজনৈতিক স্বার্থ পূৰণ কৰাৰ বাবে একাংশ ৰাজনৈতিক নেতা আৰু বামপন্থী বুদ্ধিজীৱিয়ে কুচকাৱাজ আৰম্ভ কৰিছে। ৬ এপ্রিলৰ দিনা গুৱাহাটীৰ মাছখোৱাত থকা প্রাগজ্যোতিষ সাংস্কৃতিক প্রকল্পত আয়োজিত অসম সম্মিলিত নাগৰিক অভিৱৰ্তন এনে কুচকাৱাজৰ অংশ মাত্র”- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ।
চৰকাৰী ভূমি, বনাঞ্চল আৰু সত্ৰৰ ভূমিৰ পৰা বেদখল উচ্ছেদ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত আৰম্ভ হোৱা অভিযানৰ বিৰোধিতা কৰি আজিৰ অভিৱৰ্তনে মিঞা মুছলমানৰ আগ্রাসনে অসমৰ সামাজিক, সাংস্কৃতিক, আর্থিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত সৃষ্টি কৰা ভয়াৱহ সংকট আৰু প্ৰত্যাহ্বানক প্রত্যক্ষভাৱে সমর্থন কৰা বুলি এক প্ৰেছ বিবৃতিত শর্মাই মতপোষণ কৰে। মুখপাত্র শৰ্মাৰ মতে বিভ্রান্তিৰ মায়াজাল সৃষ্টি কৰাই আজিৰ অভিৱৰ্তনৰ মূল বিষয়বস্তু আছিল।
প্রয়াত হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত বাংলাদেশী মূলৰ মুছলমান প্রব্ৰজনকাৰীয়ে ৰাজ্যৰ ৯০০ তকৈও অধিক সত্ৰৰ পোন্ধৰ হাজাৰ বিঘাতকৈও অধিক মাটি বেদখল কৰিছিল। এই সম্পৰ্কত আজিৰ অভিৱৰ্তনে একো আলোচনাই নকৰিলে, বৰঞ্চ উচ্ছেদ সম্পৰ্কীয় ভুল তথ্য দাঙি ধৰি মিছা বাগধাৰা তৈয়াৰ কৰাৰ ব্যৰ্থ প্রয়াস কৰা হৈছে বুলি তেওঁ মতপোষণ কৰে।
আজিৰ অভিৱৰ্তনৰ আন এটা দিশ আছিল- ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ ওচৰত কৰা আত্মসমর্পণ। ৰাইজৰ দলক বেছি আসন নালাগে কংগ্রেছে যি দিয়ে তাতেই মান্তি হৈ আগন্তুক বিধানসভা নির্বাচনত আমি কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবলৈ সাজু আছো বুলি অভিৱৰ্তনত প্ৰদান কৰা ভাষণত উল্লেখ কৰি অখিল গগৈয়ে নিজৰ ৰাজনৈতিক লিপ্সা পূৰণৰ অভিপ্রায় ব্যক্ত কৰা বক্তব্যই সকলোৰে দৃষ্টি আকর্ষণ কৰে।
ঠিক একেদৰে অখিল গগৈৰ সুৰতেই সুৰ মিলাই লুৰিণজ্যোতি গগৈয়েও নিজৰ অভিপ্ৰায়ৰ কথা ব্যক্ত কৰা দেখা যায়। নিজকে জাতীয়তাবাদী আৰু আঞ্চলিক ৰাজনৈতিক চিন্তাধাৰাৰ হোতা বুলি দাবী কৰা এই নেতা দুজনৰ বক্তব্য এক প্ৰকাৰৰ ৰাজনৈতিক আত্মসমর্পনৰ বাহিৰে আন একো নহয় বুলি শর্মাই বর্ণনা কৰে।
অসমক বিদেশী মুক্ত কৰাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা ছয় বছৰীয়া অসম আন্দোলনৰ সময়ত ৮৫৫ জন অসমীয়া ডেকাক গুলীয়াই হত্যা কৰাৰ লগতে অকথ্য নির্যাতন চলাই হাজাৰ হাজাৰ লোকক চিৰদিনৰ বাবে ঘুণীয়া কৰা কংগ্ৰেছ দলৰ লগত এনেদৰে হলিগলি কৰি তথাকথিত জাতীয়তাবাদী নেতা দুজনে অসমীয়া জাতিসত্বাকে অৱমাননা কৰিছে।
আজিৰ নাগৰিক অভিৱৰ্তনৰ মূল উদ্যোক্তা ড০ হীৰেন গোহাই, পৰেশ মালাকাৰ, আব্দুল মান্নান আদি সকলোৱে অসম আন্দোলনৰ বিৰোধিতা কৰি বাংলাদেশৰ পৰা হোৱা অবৈধ প্রবজনক সমর্থন কৰিছিল। এনেলোকৰ নেতৃত্বত আজি আয়োজিত হোৱা অভিৱৰ্তনৰ প্ৰকৃত উদ্দেশ্য কি হ'ব পাৰে তাক বহলাই বর্ণনা কৰাৰ কোনো প্রয়োজন নাই বুলি ৰঞ্জীৱ কুমাৰ শৰ্মাই মতপোষণ কৰে।