চতিয়াত আৰক্ষীৰ জালত পৰিল বন্য জন্তু সৰবৰাহ কৰা এল্ট’ বাহনসহ এজন লোক...

আৰক্ষীয়ে জব্দ কৰা এল্ট’ বাহনখনৰ নম্বৰ হ'ল AR -O5A-1480   ।বাহনখন জব্দ কৰাৰ লগতে  ৰাৰন মেৰি নামৰ এজন অৰুণাচলী ব্যক্তিকো আটক কৰে আৰক্ষীয়ে । ভালুকপুঙৰ পৰা ইটানগৰলৈ চোৰাংকৈ বন্যজন্তুসমূহ কঢ়িয়াই নিছিল আটকাধীন লোকজনে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ চতিয়াত আৰক্ষীয়ে কৰায়ত্ব কৰিলে চোৰাংকৈ  বন্য জন্তু কঢ়িয়াই নিয়া এখন এল্ট’ বাহন।  চতিয়া আৰক্ষীয়ে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত নাকা চেকিং চলাই থকাৰ সময়তে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা এল্ট’ বাহনখনৰ পৰা উদ্ধাৰ কৰিছে এটা হৰিণা,দুটা জহামাল, আঠটাকৈ চৰাইৰ লগতে দুই বস্তা কীট-পতংগ ।

আৰক্ষীয়ে জব্দ কৰা এল্ট’ বাহনখনৰ নম্বৰ হ'ল AR -O5A-1480   ।বাহনখন জব্দ কৰাৰ লগতে  ৰাৰন মেৰি নামৰ এজন অৰুণাচলী ব্যক্তিকো আটক কৰে আৰক্ষীয়ে । ভালুকপুঙৰ পৰা ইটানগৰলৈ চোৰাংকৈ বন্যজন্তুসমূহ কঢ়িয়াই নিছিল আটকাধীন লোকজনে ।

চতিয়াত চোৰাং বন্য জন্তু উদ্ধাৰ হোৱাৰ পাছত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে যে চোৰাং বন্য জন্তুৰ এখন বেহা চলি আছে সেয়া নিশ্চিত ।

চোৰাং সৰবৰাহ