মিজোৰামত উদ্ধাৰ কেংগাৰু, অজগৰকে ধৰি ভিন্ন প্ৰজাতিৰ দুষ্প্ৰাপ্য বন্যপ্ৰাণী...

ম্যানমাৰৰ পৰা সৰবৰাহ হৈছিল বন্যপ্ৰাণী সমূহ

author-image
Asomiya Pratidin
New Update
মিজোৰামত উদ্ধাৰ কেংগাৰু, অজগৰকে 
ধৰি ভিন্ন প্ৰজাতিৰ দুষ্প্ৰাপ্য বন্যপ্ৰাণী...

wildlife animal

ডিজিটেল ডেস্কঃ অসম তথা উঃ পূৰ্বাঞ্চলৰ আৰক্ষী-প্ৰশাসন অবৈধ বন্যপ্ৰাণী সৰবৰাহ আৰু হত্যাৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সময়তে, মিজোৰামত চপাই আৰক্ষী আৰু আবকাৰী বিভাগে উদ্ধাৰ কৰিছে একাধিক প্ৰজাতিৰ দুষ্প্ৰাপ্য বন্যপ্ৰাণী। কেংগাৰু, অজগৰ, কাছকে ধৰি আৰক্ষীয়ে উদ্ধাৰ কৰে ভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণী।

Advertisment

আৰক্ষীৰ উদ্ধাৰ অভিযানত ১টা কেংগাৰু, ৩০টা কাছ, ২টা দুষ্প্রাপ্য প্ৰজাতিৰ বান্দৰ, ২টা মাৰ্ম’ছেট বান্দৰ, অজগৰ ২২টা, সুমাত্রান ৱাটাৰ মনিটৰ ২টা, ৫৫ টা ঘঁৰিয়াল ,ফ্লেম পাৱাৰবাৰ্ড ৪টা লগতে ছাৰ্ভেল কেট ৪টা উদ্ধাৰ হয় ।

উল্লেখ্য যে, চুবুৰীয়া বিদেশী ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা দুখন বলেৰ আৰু এখন স্কৰপিঅ বাহনেৰে উল্লেখিত দুষ্প্ৰাপ্য বন্যপ্ৰাণী সমূহ সৰবৰাহৰ চেষ্টা কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

police animal wildlife