প্ৰদ্যুৎ বৰদলৈৰ আক্ৰমণকাৰীক বিচাৰি বিধায়ক আছিফ মহম্মদ নাজাৰৰ বাসগৃহত আৰক্ষীৰ অভিযান...

অভিযানৰ সময়ছোৱাত বিধায়ক আছিফ মহম্মদ নাজাৰ ঘৰত নাছিল। উল্লেখ কৰা প্ৰয়োজন যে, মূল অভিযুক্ত এমদাদুল ইছলাম বিধায়ক আচিফ মহম্মদ নাজাৰৰ অতি ঘনিষ্ঠ বুলি পৰিচিত।

author-image
Asomiya Pratidin
New Update
dfgdfgdgd

ডিজিটেল সংবাদ,লাহৰিঘাটঃ সাংসদ প্ৰদ্যুৎ বৰদলৈক আক্ৰমণৰ মূল অভিযুক্ত এমদাদুল ইছলামক বিচাৰি আজি নগাঁও আৰক্ষীয়ে অভিযান চলায়। আৰক্ষীৰ এটা দল বিধায়ক আছিফ নাজাৰৰ লাহৰীঘাটৰ বাসগৃহত উপস্থিত হয়।

Advertisment

তথ্য অনুসৰি, অভিযানৰ সময়ছোৱাত বিধায়ক আছিফ মহম্মদ নাজাৰ ঘৰত নাছিল। উল্লেখ কৰা প্ৰয়োজন যে, মূল অভিযুক্ত এমদাদুল ইছলাম বিধায়ক আচিফ মহম্মদ নাজাৰৰ অতি ঘনিষ্ঠ বুলি পৰিচিত।

অভিযুক্ত এমদাদুল ইছলামৰ শেহতীয়া ফোন কলৰ ভিত্তিত লাহৰিঘাটৰ বিধায়কৰ ঘৰত নগাঁও আৰক্ষীয়ে অভিযান চলোৱা বুলি জানিব পৰা গৈছে। বৰ্তমান আত্মগোপন কৰি আছে মূল অভিযুক্ত এমদাদুল ইছলাম। 

প্ৰদ্যুৎ বৰদলৈ