নিলম্বিত বিজেপি নেতা লাচিত গগৈৰ ঘৰত আৰক্ষীৰ অভিযান...

নিলম্বিত বিজেপি নেতা লাচিত গগৈৰ ঘৰত আৰক্ষীৰ অভিযান...

author-image
Asomiya Pratidin
New Update
নিলম্বিত বিজেপি নেতা লাচিত গগৈৰ ঘৰত আৰক্ষীৰ অভিযান...

নিলম্বিত বিজেপি নেতা লাচিত গগৈৰ ঘৰত আৰক্ষীৰ অভিযান...

ডিজিটেল ডেস্কঃ ২ টাকৈ টেলিফোনিক বাৰ্তালাপ ভাইৰেল হোৱাৰ পাছত গ্ৰেপ্তাৰ হোৱা বিজেপিৰ অ'বিচি মৰ্চাৰ নিলম্বিত ৰাজ্যিক নেতা লাচিত গগৈৰ বাসগৃহত আজি আৰক্ষীয়ে অভিযান চলাই। লাচিত গগৈৰ আটলপথাৰস্থিত বাসগৃহত ডিফু আৰক্ষীয়ে সাপেখাতী আৰক্ষীৰ সহযোগত চলাই এই অভিযান।

লাচিত গগৈক লগত লৈ চলোৱা এই অভিযানত বাসগৃহত থকা সকলো নঠিপত্ৰ তথা সামগ্ৰী প্ৰায় আধা ঘণ্টা সময় তন্ন তন্নকৈ পৰীক্ষা কৰাৰ পাছত আৰক্ষীৰ দলটোৱে তেওঁক লৈ পুনৰ ঘূৰি যায়।

উল্লেখ্য যে, বিজেপি নেতা লাচিত গগৈ আৰু আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁইৰ বাৰ্তালাপৰ অডি'অ ভাইৰলে হোৱা কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ উজনি অসম। যোৰহাট লোকসভা সমষ্টিৰ টিকট কোনে পাব কেনেকৈ দিব এই সন্দৰ্ভত প্ৰথমে ভাইৰেল হৈছিল এটা অডিঅ' কল।

আটাছু সভাপতি মিলন বুঢ়াগোহাঁয়ে উক্ত সমষ্টিটোৰ টিকটৰ বাবে লাচিত গগৈ সম্পৰ্কে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰে আলোচনা হোৱা বুলি উল্লেখ কৰিছিল। ইফালে আন এটা ফোন কলত দুয়োগৰাকী নেতাৰ কথোপকথনত ছিণ্ডিকেটৰাজৰ এখন স্পষ্ট ছবি পোহৰলৈ আহিছিল।

ভাইৰেল হোৱা এই কথোপকথনত চুপাৰী ছিণ্ডিকেটৰ ঘটনাৰে নাম সাঙোৰ খাইছিল কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াৰ। আটাছু সভাপতিজনে চুপাৰী ছিণ্ডিকেটৰ বাবে বিজেপি নেতা লাচিত গগৈৰ পৰা লোৱা ১৬ লাখ টকা আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াক দিয়া বুলি উল্লেখ কৰিছিল।

এই সন্দৰ্ভত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই ডিফু থানা লাচিত গগৈৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিত শনিবাৰে নিশাই মৰাণৰ পৰা আৰক্ষীয়ে লাচিত গগৈক গ্ৰেপ্তাৰ কৰে।

Also Read: গ্ৰেপ্তাৰ হোৱাৰ পিচত কি ক'লে লাচিত গগৈয়ে...

বিজেপি লাচিত গগৈ