দক্ষিণ শালমাৰাত আৰক্ষীৰ অভিযান : নিচাযুক্ত দ্ৰব্যসহ আটক এজন

শুকুৰবাৰে নিশা দক্ষিণ শালমাৰাৰ টুমনী সুন্দৰপাৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে বৃহৎ অভিযান চলায়। এই অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু হেৰ'ইনসহ এগৰাকী মাফিয়াক আটক কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
দক্ষিণ শালমাৰাত আৰক্ষীৰ অভিযান

দক্ষিণ শালমাৰাত আৰক্ষীৰ অভিযান

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : শুকুৰবাৰে নিশা দক্ষিণ শালমাৰাৰ টুমনী সুন্দৰপাৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে বৃহৎ অভিযান চলায়। এই অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু হেৰ'ইনসহ এগৰাকী মাফিয়াক আটক কৰিবলৈ সক্ষম হয়।

Advertisment

আৰক্ষীৰ ভাষ্য অনুসৰি ধৃত ড্ৰাগছ মাফিয়াটো টুমনীৰ আব্দুৰ ৰৌফ খান্দকাৰ বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে আৰক্ষীয়ে এই অভিযানত ২,০০০ টা য়াবা টেবলেট আৰু  ৫১ গ্ৰাম হেৰ'ইন জব্দ কৰিছে। লগতে জব্দ কৰিছে নগদ ২,১০০ টকা, এটা মোবাইল ফোন।

একেদৰে এই অভিযানত আৰক্ষীয়ে এখন ১৬০ চিচিৰ আপাচি মটৰ চাইকেল জব্দ কৰে। মটৰ চাইকেলখনৰ নম্বৰ- ML-14-3690। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ভাইটবাৰী এলেকাৰ পৰা ড্ৰাগছখিনি নিশা নিজৰ ঘৰত আনিছিল ড্ৰাগছ মাফিয়া ৰৌফে। ইতিমধ্যে ড্ৰাগছ মাফিয়া ৰৌফক শনিবাৰে হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হ'ব বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত দক্ষিণ শালমাৰা আৰক্ষীয়ে চলাইছিল এই অভিযান।

Assam police