পাগলাহাটত আৰক্ষীৰ অভিযান : নিচাযুক্ত দ্ৰব্যসহ সৰবৰাহকাৰীক আটক

দুয়োখন থানাৰ আৰক্ষীয়ে যৌথ অভিযান চলাই ধুবুৰীৰ পাগলাহাটৰ শ্মশান শনি মন্দিৰত ওচৰত নিৰ্মীয়মান ১২৭ বি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ২৭ টা ড্ৰাগছভৰ্তি কন্টেইনাৰসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। 

author-image
Asomiya Pratidin
New Update
নিচাযুক্ত দ্ৰব্যসহ সৰবৰাহকাৰীক আটক

নিচাযুক্ত দ্ৰব্যসহ সৰবৰাহকাৰীক আটক

ডিজিটেল সংবাদ, ধুবুৰী : ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰী জিলাৰ তামাৰহাট আৰু পাগলাহাট আৰক্ষীয়ে ব্যাপক অভিযান অব্যাহত ৰাখিছে । দুয়োখন থানাৰ আৰক্ষীয়ে যৌথ অভিযান চলাই ধুবুৰীৰ পাগলাহাটৰ শ্মশান শনি মন্দিৰত ওচৰত নিৰ্মীয়মান ১২৭ বি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ২৭ টা ড্ৰাগছভৰ্তি কন্টেইনাৰসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। 

Advertisment

ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনক ইনজামুল হক ওৰফে বাপ্পী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে অভিযানকালত ধৃত সৰবৰাহকাৰীজনৰ পৰা নগদ ৭৬,৩০০ টকা জব্দ কৰাৰ উপৰি এখন চাৰিচকীয়া বাহন আৰু দুটা মোবাইল ফোনো জব্দ কৰে । বাপ্পীৰ ঘৰ মধ্য পেটলা গাঁৱত বুলি জানিব পৰা গৈছে । 

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ড্ৰাগছসহ ধৰা পৰি কেইবাবাৰো ৰঙাঘৰৰ আলহী হৈছিল ধৃত ইনজামুল হক ওৰফে বাপ্পী। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

Assam police