/asomiyapratidin/media/media_files/2025/03/02/uC0FWCzCXyPsCEl8OhGH.jpg)
হালাকুৰাত আৰক্ষীৰ অভিযান : নকল সোণসহ দুজনক আটক
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীৰ হালাকুৰা বজাৰৰ পৰা দেওবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই নকল সোণসহ দুজনকৈ লোকক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে অভিযান কালত ধৃত লোক দুজনৰ পৰা নগদ ডেৰ লাখ টকাও জব্দ কৰে।
আৰক্ষীৰ এটি সূত্ৰই ব্যক্ত কৰা অনুসৰি ধৃত লোক দুজনক গুজৰাটৰ চৌহান কৰণ সিং আৰু মনোজ কুমাৰ জছোৱাল বুলি জানিব পৰা গৈছে। সূত্ৰ মতে নকল সোণৰ চোৰাং কাৰবাৰৰ লগত জড়িত ব্যক্তি দুজনে আজি ধুবুৰীৰ পৰা ৰাজস্থান অভিমুখে যোৱাৰ কথা আছিল।
অৱশ্যে নকল সোণৰ বেপাৰৰ লগত জড়িত উক্ত লোক দুজনে বাটতে হালাকুৰা বজাৰত নকল সোণৰ বিক্ৰীৰ বাবে কাৰোবাৰ সৈতে যো-জা চলাই থকাৰ সময়তে উক্ত ঠাইত অভিযান চলাই দুয়োজনক আটক কৰি গোলক থানালৈ লৈ আনে বুলি সূত্ৰটোৱে সদৰী কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।